বিশ্বৰ সৰ্ববৃহৎ তৎক্ষণাত পানীয় প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ৰস্না প্ৰাইভেট লিমিটেডে ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আনুষ্ঠানিকভাৱে মুকলি কৰিছে ১০০% ভাৰততে প্ৰস্তুত ৰেডী টু ড্ৰিংক (আৰ টি ডি) ফলৰ ৰস সম্পূৰ্ণ নতুন ‘জাম্পিন’। “ভাৰতীয় হওক, ভাৰতীয়F কিনk” অভিযানৰ অধীনত স্বদেশী সামগ্ৰীৰ প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা আহ্বানৰ সৈতে এই সামগ্ৰী মুকলিৰ সংগতি আছে। এই পদক্ষেপৰ জৰিয়তে ৰস্নাই আৰটিডি ছেগমেণ্টত প্ৰৱেশ কৰিলে, যাৰ লক্ষ্য হৈছে ক্ৰমশঃ বৃদ্ধি হোৱা বজাৰখনৰ ১০০০ কোটৰ অংশ দখল কৰা। উদযাপনৰ অংশ হিচাপে ৰস্নাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি দেখুওৱা সমৰ্পণৰ প্ৰতি শ্ৰদ্ধা জনাই সীমান্ত সুৰক্ষা বাহিনী(বিএছএফ)ৰ জোৱান আৰু পৰিয়ালবৰ্গৰ মাজত জাম্পিন পানীয় বিতৰণ কৰে।
উন্মোচন অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰস্না গ্ৰুপৰ অধ্যক্ষ পিৰুজ খাম্বট্টাই কয় যে, “জাম্পিনে আত্ম-নিৰ্ভৰশীলতা, ভাৰতীয় কৃষক, এমএছএমই আৰু ঘৰুৱা যোগান শৃংখলাক সমৰ্থন কৰাৰ প্ৰতি ৰস্নাৰ দায়বদ্ধতা আকৌ এবাৰ প্ৰতিফলিত কৰিলে। গৱেষণা আৰু উন্নয়নৰ পৰা আৰম্ভ কৰি পেকেজিঙলৈকে প্ৰতিটো দিশ ভাৰতৰ ভিতৰতে গৌৰৱেৰে বিকশাই তোলা হৈছে।” এই নতুন জাম্পিন ৰেঞ্জত আছে ১০টা প্ৰয়োজনীয় ভিটামিনেৰে শক্তিশালী আৰু মাত্ৰ ৭ গ্ৰাম চেনি যোগ কৰা আম, কমলা, লিচু আৰু বিভিন্ন ফলমূলৰ মিশ্ৰণ। পিইটি বটল (২৫০ মিলিলিটাৰৰ পৰা ১.২ লিটাৰ) আৰু টেট্ৰা পেক(১২৫ মিলিলিটাৰ, ২০০ মিলিলিটাৰ, ১ লিটাৰ)ত উপলব্ধ। এইসমূহৰ মূল্য ১০ টকাৰ পৰা ৮৫ টকাৰ ভিতৰত, যাৰ ফলত পৰিয়াল, শিশু আৰু কৰ্মৰত পেছাদাৰীসকলৰ উপলব্ধ হোৱাকৈ সাজু কৰিছে প্ৰতিষ্ঠানটোৱে। উল্লেখযোগ্য যে ব্ৰেণ্ডটোৱে ভাৰতীয় বজাৰত অনন্য ১০ টকীয়া টেট্ৰা পেকত ১২৫ মিলিলিটাৰ অৰেঞ্জ ড্ৰিংক আগবঢ়াইছে।
গুৱাহাটী মহানগৰীৰ স্থানীয় খুচুৰা বিক্ৰেতাসকলে স্বাস্থ্যকৰ, সুলভ মূল্যৰ আৰটিডি পানীয়ৰ প্ৰতি গ্ৰাহকৰ ক্ৰমান্বয়ে বৰ্ধিত আগ্ৰহৰ কথা উল্লেখ কৰি জাম্পিনৰ শেহতীয়া সামগ্ৰী মুকলিক আদৰণি জনাইছে। বজাৰখন নিৰীক্ষণ কৰা লোকসকলে প্ৰকাশ কৰিছে যে প্ৰাৰম্ভিক ষ্টকত দ্ৰুত বিক্ৰী দেখা গৈছে, বিশেষকৈ দৈনন্দিন ব্যৱহাৰৰ বাবে ভিটামিন-পুষ্ট বিকল্প বিচৰা পৰিয়ালসমূহৰ মাজত আগ্ৰহ পৰিলক্ষিত হৈছে।
