উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টৰ্ছ ছামিটত ৰস্না হিমালয়ান গুলাব চৰবত, হিমালয়ান গুলকাণ্ড আৰু হিমালয়ান গুলাব চ্যাৱনপ্ৰাছৰ শুভাৰম্ভণি

374

উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টাৰ্ছ ছামিটত ৰস্নাই নিজৰ ৰস্না হিমালয়ান গুলাব চৰবত, হিমালয়ান গুলকাণ্ড আৰু হিমালয়ান গুলাব চ্যাৱনপ্ৰাছ মুকলি কৰাৰ কথা সগৌৰৱেৰে ঘোষণা কৰিছে। উত্তৰাখণ্ডত ৰস্নাৰ উপস্থিতি বৃদ্ধিৰ প্ৰয়াস ৰূপে উত্তৰাখণ্ডৰ উপত্যকাৰ পৰা আহৰণ কৰা বিশুদ্ধ গোলাপ তেল আৰু গোলাপ জলৰ দৰে কেঁচা সামগ্ৰী ব্যৱহাৰ কৰি এই প্ৰডাক্টবোৰ প্ৰস্তুত কৰা হ’ব।

সমগ্ৰ দেশত ১২টা কাৰখানা আৰু বিশ্বৰ ৬০তকৈও অধিক দেশত প্ৰায় ১.৬ মিলিয়ন আউটলেট থকা ৰস্নাই ভাৰত আৰু বিদেশত একেলগে নিজৰ সামগ্ৰীসমূহ মুকলি কৰাৰ পৰিকল্পনা কৰিছে, বিশেষভাৱে মধ্যপ্ৰাচ্যত, য’ত ভাৰতীয় গোলাপৰ সামগ্ৰীৰ অধিক চাহিদা আছে। উত্তৰাখণ্ডৰ বিশেষভাৱে চামোলি উপত্যকা ডামাস্ক গোলাপৰ বাবে প্ৰখ্য়াত, যাৰ এক অনন্য সুকীয়া সুগন্ধি আছে। এই গোলাপ ফুলক যুগ যুগ ধৰি খাদ্য, আয়ুৰ্বেদিক আৰু নিউট্ৰাচিউটিকেল সামগ্ৰীত ব্যৱহাৰ কৰি অহা হৈছে।

ৰস্নাই এক অভিনৱ অনুসন্ধান আৰু আৰএণ্ডডি পদ্ধতি ব্যৱহাৰ কৰি উত্তৰাখণ্ডৰ প্ৰাকৃতিক উপাদানৰ সহায়ত গোলাপৰ চিৰাপ তৈয়াৰ কৰিছে, যিয়ে ফুলৰ এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়েল, এণ্টি-ইনফ্লেমেটৰী আৰু অন্ত্ৰৰ শীতলকৰণ গুণাগুণৰ পৰা চিকিৎসামূলক লাভালাভ প্ৰদান কৰে। উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টৰ ছামিটত অংশগ্ৰহণ কৰি ৰস্নাৰ গ্ৰুপ চেয়াৰমেন পিৰুজ খাম্বাট্টাই কয় যে, “এই প্ৰয়াসে উত্তৰাখণ্ডৰ কৃষকসকলক নিজৰ উপাৰ্জন বৃদ্ধি আৰু শস্যৰ উন্নত মূল্য প্ৰদান কৰি অপৰিসীমভাৱে সহায় কৰিব।”