স্কোডা অটো ইণ্ডিয়াৰ বাবে প্ৰথমগৰাকী ব্ৰেণ্ড ছুপাৰষ্টাৰ ৰণবীৰ সিং

24

ভাৰতত ২৫ বছৰ সম্পূৰ্ণ উদযাপন কৰি প্ৰথমবাৰলৈ স্কোডা অটো ইণ্ডিয়াই বলীউডৰ জনপ্ৰিয় তাৰকা ৰণবীৰ সিঙক “ব্ৰেণ্ড ছুপাৰষ্টাৰ” হিচাপে নিয়োজিত কৰিছে। এই শুভ ক্ষণত স্কোডা অটো ইণ্ডিয়াই আজি এই কথা সদৰি কৰে, য’ত জনকেন্দ্ৰিক অভিযান আৰু শেহতীয়াকৈ নিজৰ ছাব-৪ মিটাৰ এছইউভি কাইলাক মুকলি কৰা হৈছে। স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ পিটাৰ জেনেবাই কয় যে, “ভাৰতত আমাৰ ২৫ বছৰীয়া মাইলৰ খুঁটি উদযাপনৰ সময়ত আমি আমাৰ ব্যৱসায়ক ৰূপান্তৰিত কৰিছোঁ আৰু গ্ৰাহকৰ সংযোগ শক্তিশালী কৰিছোঁ। ৰণবীৰ সিঙৰ সজীৱ ব্যক্তিত্বই আমাৰ আবেগ আৰু শক্তিক প্ৰতিফলিত কৰিছে।”

ৰণবীৰ সিঙে নিজৰ উত্সাহ ব্যক্ত কৰি কয় যে, “উৎকৃষ্টতাৰ প্ৰতি স্কোডা অটো ইণ্ডিয়াৰ প্ৰতিশ্ৰুতি মোৰ সৈতে অনুৰণিত হৈছে।  মই বিকশিত ভাৰতীয় বজাৰত স্কোডাৰ বিকাশত অৰিহণা যোগাবলৈ অতিশয় আগ্ৰহী। ” সিং আৰু কাইলাকক তুলি ধৰা প্ৰথম বিজ্ঞাপনটো অচিৰে প্ৰিমিয়াৰ হ’ব, তাৰ পিছত মাৰ্চত এক ব্ৰেণ্ড-কেন্দ্ৰিক বিজ্ঞাপনো সম্প্ৰচাৰ হ’ ব, যিয়ে অনুৰাগীসকলক অভিনেতা আৰু স্কোডাৰ নেতৃত্বৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰিব।

গুৱাহাটীত স্কোডাৰ সম্প্ৰসাৰিত পৰ্টফলিঅ’ই অটোমোটিভ অনুৰাগী আৰু বিস্তৃত গ্ৰাহকৰ ভিত্তিক একেধৰণে আকৰ্ষিত কৰিবলৈ সাজু হৈছে। অভিনৱ আৰু পৰিৱেশন-চালিত বাহনৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে স্কোডা’ৰ কাইলাক আৰু ইভি বাহনৰ অফাৰসমূহে বজাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সাজু হৈছে। ২০২৫ৰ ভিতৰত ৩৫০টা সেৱাকেন্দ্ৰ মুকলিৰে ভাৰতীয় বজাৰত নিজৰ স্থান সুদৃঢ় কৰি তোলাৰ লগে লগে ২০২৬ চনৰ ভিতৰত স্কোডাই বছৰি ১০০,০০০ লাখ গাড়ী বিক্ৰীৰ লক্ষ্য ৰাখিছে।