পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তবৰ্তী জনজাতীয় বসতি প্ৰধান জয়পুৰ গাঁৱত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত বিনামূলীয়া পশু চিকিৎসা শিবিৰ আৰু সজাগতা সভাৰ আজি সামৰণি পৰে। উল্লেখ্য ৰাণী খণ্ড পশু চিকিৎসালয় , কামৰূপ জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয় আৰু জৈৱিক উৎপাদন কেন্দ্ৰ, খানাপাৰাৰ যুটীয়া সঞ্চালকৰ যৌথ উদ্যোগত জয়পুৰ প্ৰাথমিক বিদ্যালয় চৌহদত আয়োজিত দুদিনীয়া শিবিৰত বৃহত্তৰ অঞ্চলটোৰ কেবা শতাধিক পশু পালকে লোকে অংশগ্ৰহণ কৰে।
আনহাতে শিবিৰত ৰাণীৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰীকে ধৰি কেবাজনো পশু চিকিৎসক আৰু পশু ক্ষেত্ৰ সহায়কে ৩৫০ টাৰো অধিক পশু ধনক বিভিন্ন ৰোগৰ ৰোগ প্ৰতিষেধক বেমাৰৰ ছিটা প্ৰদান কৰে। ইয়াৰ উপৰিও ১৫০ টা পশুধনক চিকিৎসা প্ৰদান কৰা হয়। আনহাতে শিবিৰৰ লগত সংগতি ৰাখি বিয়লি অনুষ্ঠিত সামৰণি আৰু সজাগতা সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজসেৱক তথা ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মনে। সভাত মূখ্য অতিথি হিচাপে ভাগ লৈ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চমু ভাষণ প্ৰসংগত জয়পুৰৰ দৰে সীমান্তবৰ্তী গাঁৱত এনে ধৰণৰ বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লয়।
সভাত সমল ব্যক্তি হিচাপে ৰাণীৰ খণ্ড পশু চিকিৎসালয়ৰ পৰিচালক ডাঃ প্ৰশান্ত কুমাৰ ৰাভা, চিকিৎসক ডাঃ ৰাজীৱ ৰয় চৌধুৰী, ডাঃ গগন দাস, বন বিভাগৰ ৰাণীৰ আঞ্চলিক বন বিষয়া ৰজী বৰ্মন , অগপ দলৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, ৰাণী জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী, জয়পুৰ গাঁৱৰ গাওঁবুঢ়া হেমন্ত কে মাৰাক উপস্থিত থাকে ।
