ৰাণীত চি আৰ পি এফৰ ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয়ত শোৰ্য দিৱসত বীৰ মাতৃ, বীৰ নাৰী আৰু সাহসী যোদ্ধাক সম্বৰ্ধনা

134

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত মুখ্য কাৰ্যালয় চৌহদত ৯ এপ্ৰিলত শোৰ্য দিৱস পালন কৰা হয় । উল্লেখ্য যে ১৯৬৫ চনৰ ৯ এপ্ৰিলৰ দিনটোত পৰিহাৰ গুজৰাটৰ কচ্ছ অঞ্চলত এটা চি আৰ পি এফৰ বাহাদুৰ জোৱান সকলে ভাৰতীয় চকীত আক্ৰমণ কৰা পাকিস্তানী সেনাৰ এটা ব্ৰিগেডৰ অপ্রৰোচিত আক্ৰমণক সাহসৰে প্রতিহিত কৰিছিল। আনকি সিদিনা চি আৰ পি এফৰ সাহসী জোৱান সকলে বাৰ ঘণ্টা ধৰি অসীম বীৰত্বৰে যুদ্ধ কৰি দেশপ্ৰেমৰ অনন্য উদাহৰণ দাঙি ধৰিছিল। চি আৰ পি এফ বাহিনীয়ে বীৰ যোদ্ধা সকলক সোঁৱৰণত শোৰ্য দিৱস পালন কৰি আহিছে।

আনহাতে ৰাণীৰ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত শ্বহীদ স্মৃতি সৌধত বীৰ জোৱান সকলৰ প্রতি শ্ৰদ্ধা নিবেদন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বাহিনীটোৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই। তাৰ পাছত সভাগৃহত আয়োজিত এখন সৈনিক সন্মিলন সম্বোধন কৰি কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই শোৰ্য দিৱস পালনৰ তাৎপৰ্য দাঙি ধৰে। অনুষ্ঠানত বাহিনীটোৰ পদক লাভ কৰা বীৰ যোদ্ধা, বীৰ মাতৃ, বীৰ নাৰী সকলক অসমীয়াৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ গামোচাৰে বিপুল সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত বাহিনীটোৰ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী মেধা ঝা, ছেকেণ্ড ইন কমাণ্ড অলকা মিশ্ৰ আৰু মুকুণ্ড মোহন, ডেপুটী কমাডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তৱকে ধৰি  কেবাজনো বিষয়া – জোৱান আৰু তেঁওলোকৰ পৰিয়ালৰ  লোক , বীৰ নাৰীৰ সন্তান সকল উপস্থিত থাকে। দিৱসৰ লগত সংগতি ৰাখি বাৰে ৰহনীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বাহিনীটোৰ কেবাগৰাকী বিষয়া – জোৱান আৰু পৰিয়ালৰ সদস্যই দেশপ্ৰেমমূলক নৃত্য – গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।