প্ৰথমবাৰলৈ ছবিগৃহত মুক্তি পাব “ৰামায়ণ: দ্য লেজেণ্ড অৱ প্ৰিন্স ৰামা”

72

১৯৯৯ চনৰ জাপানী-ভাৰতীয় এনিমেছন চলচ্চিত্ৰ “ৰামায়ণ: দ্য লেজেণ্ড অৱ প্ৰিন্স ৰামা” ভাৰতত প্ৰথমবাৰৰ বাবে ছবিগৃহত মুক্তি পাব।এই শতিকাৰ আৰম্ভণিতে টিভি চেনেলসমূহত পুনৰ প্ৰদৰ্শিত হোৱাৰ সময়ত ই ভাৰতীয় দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰে। য়ুগো চাকো, ৰাম মোহন আৰু কইচি চাচাকীৰ দ্বাৰা পৰিচালিত এই ছবিখন ১৮ অক্টোবৰত হিন্দী, ইংৰাজী, তামিল আৰু তেলেগু ভাষাত ছবিগৃহত মুক্তি পাব।

গীক পিকচাৰ্ছ ইণ্ডিয়া, এএ ফিল্মছ আৰু এক্সেল এণ্টাৰটেইনমেণ্টে ভাৰতৰ ছবিগৃহত “ৰামায়ণ: দ্য লেজেণ্ড অফ প্ৰিন্স ৰাম” বিতৰণ কৰিব।গীক পিকচাৰ্ছ ইণ্ডিয়াৰ সহ-প্ৰতিষ্ঠাপক অৰ্জুন আগৰৱালে এক বিবৃতিত কয়: “চলচ্চিত্ৰখন ভাৰত-জাপান সহযোগিতাৰ শক্তিৰ এক অভূতপূৰ্ব প্ৰমাণ।

ৰামৰ এই কিংবদন্তীৰ এই চিত্ৰণে নিঃসন্দেহে সকলো অঞ্চল আৰু বয়সৰ দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব। “