দেশৰ অৰ্থনৈতিক উন্নতিৰ বাবে ব্যৱসায়ী আৰু উদ্যোগীসকলক স্বীকৃতি দিয়াৰ বাৰ্ষিক পদক্ষেপ টেলি এম এছ এম ই অনাৰ্ছ ২০২৩ৰ তৃতীয় সংস্কৰণত শিলিগুৰিৰ সুৰক্ষা আগৰৱাল এণ্ড এছ’চিয়েটছে লাভ কৰে। এই বঁটাসমূহে তৃণমূল পৰ্যায়ত তেওঁলোকৰ উত্তম পদ্ধতিৰ জৰিয়তে এম এছ এম ইসমূহৰ বৈচিত্ৰ্য আৰু ইতিবাচক প্ৰভাৱক উদযাপন কৰে।
২০০ৰো অধিক ষ্টাৰ্টআপক সবলীকৰণ আৰু বীজ পুঁজি সংগ্ৰহৰ কামৰ বাবে ৰক্ষা আগৰৱালে ‘ৱাণ্ডাৰ উইমেন’ শাখাত বঁটা লাভ কৰে।ভাৰতৰ চাৰিটা জ’নত (পূব, পশ্চিম, উত্তৰ, আৰু দক্ষিণ) পাঁচটা শাখাত এই বঁটা প্ৰদান কৰা হয়: ৱাণ্ডাৰ উইমেন, বিজনেছ মেষ্ট্ৰ’, নিউজেন আইকন, টেক ট্ৰেন্সফৰ্মাৰ, আৰু চেম্পিয়ন অৱ ক’জ।
ব্যৱসায়িক চফট্ ৱেৰ প্ৰডাক্ট উদ্যোগৰ অগ্ৰণী প্ৰতিষ্ঠান টেলি ছলিউচনছ প্ৰাইভেট লিমিটেডে বিশ্বজুৰি ২০ লাখতকৈ অধিক গ্ৰাহকৰ অনুজ্ঞাপত্ৰ সক্ৰিয় কৰিছে আৰু ১০০খনতকৈও অধিক দেশৰ উদ্যোগসমূহৰ ৭০ লাখতকৈ অধিক ব্যৱহাৰকাৰীক সেৱা আগবঢ়ায়।
