চীনৰ কিংডাওত অনুষ্ঠিত এছ চি অ’ৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকৰ শেষত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী এডমিৰেল ডং জুনৰ সৈতে বৈঠকত মিলিত হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । এই ইতিবাচক গতি বজাই ৰখা আৰু দ্বিপাক্ষিক সম্পৰ্কত নতুন জটিলতা সংযোজন নকৰাটো দুয়োখন দেশৰ ওপৰত নিৰ্ভৰশীল বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় ।২৩ জুনত বেইজিঙত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল বৈঠকত মিলিত হয় ৷ ভাৰত-চীন সম্পৰ্কৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰি জনসাধাৰণৰ মাজত উন্নত সম্পৰ্ক গঢ়ি তোলাকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সামগ্ৰিক উন্নয়নক প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ডোভালে ।
