গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ মাজিৰগাঁও শাখা সাহিত্য সভা, উত্তৰণ সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ১০ নং মাজিৰগাঁও কৃষ্ণৰাম সোঁৱৰণী প্রাথমিক বিদ্যালয়ৰ সহযোগত পাঁচ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি মাজিৰগাঁও সমূহীয়া সভাঘৰত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মাজিৰগাঁও গাওঁ পঞ্চায়ত এলেকাৰ অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষকসকলক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মাজিৰগাঁও শাখা সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা মুখপত্র ‘উত্তৰণ’ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ , দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক যুগল বৈশ্যই। আনহাতে সমবেত সংগীতৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে অধ্যাপক যুগল বৈশ্যই।
অনুষ্ঠানত মাজিৰগাঁও শাখা সাহিত্য সভা আৰু উত্তৰণ সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ সমূহ বিষয়ববীয়াৰ লগতে ৰামচাৰাণি আঞ্চলিক পঞ্চায়তৰ সদস্যা গীতাঞ্জলি ভূঞা , মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ সভানেত্ৰী অৰুণিমা দাস, অনাঁতাৰ শিল্পী হীৰেন চন্দ্ৰ কলিতা, বিশিষ্ট বাঁহী বাদক প্ৰবীণ চন্দ্ৰ কলিতা , পি এম শ্ৰী পলাশবাৰী আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক খগেন চন্দ্ৰ মেধি , শিক্ষক ভৱেশ কলিতা, অতুল কটকী, ডঃ গীতা বর্মন , কমলেশ্বৰ গোস্বামী, প্ৰেমদা কলিতাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোৰ যুটীয়াভাবে আঁত ধৰে উত্তৰণৰ মুখ্য সম্পাদক দিগন্ত কলিতা আৰু আহ্বায়ক ভাস্কৰ কলিতাই।
