গুৱাহাটীৰ হিট এণ্ড ৰাণ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতে অভিনেত্ৰী নন্দিনী কাশ্যপৰ সৈতে চুক্তি বাতিল কৰে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই। অভিনেত্ৰীগৰাকীয়ে গাড়ীৰে খুন্দিয়াই এজন যুৱকৰ প্ৰাণ লোৱা ঘটনাৰ পিছতে চৌদিশে চলিছিল চৰ্চা। প্ৰশ্ন উত্থাপন হৈছিল নন্দিনীৰ ঠাইত কোনে কৰিব অভিনয় এতিয়া থিয়েটাৰ কতৃপক্ষই নন্দিনীৰ স্থানত নতুনকৈ চুক্তিবদ্ধ কৰিছে অভিনেত্ৰী দেৱাশ্ৰী দাসক।
