নিশাৰ অন্ধকাৰ ফালি তীব্ৰ গতিত আগবঢ়া ৰে’লখনে যেন ধাৰণ কৰিলে কাল ৰূপ। শনিবাৰে পুৱতি নিশা প্ৰায় ২.১৭ বজাত নগাঁও আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী যমুনামুখ-কামপুৰ সংমণ্ডলত সংঘটিত এক ভয়াৱহ ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮টাকৈ বন্যহস্তীয়ে। চাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ সৈতে হোৱা এই সংঘৰ্ষৰ ফলত ৰেলখনৰ ইঞ্জিনসহ ৫টাকৈ দবা লাইনচ্যুত হয়। সৌভাগ্যক্ৰমে কোনো যাত্ৰী হতাহত হোৱা নাই যদিও এটা হাতী পোৱালি গুৰুতৰভাৱে আহত হয়।
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সূত্ৰই জনোৱা মতে, চাংজুৰাই অঞ্চলত হাতীৰ জাকটোৱে ৰেলপথ পাৰ হ’বলৈ চেষ্টা কৰোঁতে এই অঘটন ঘটে। ৰেল চালকজনে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰিছিল যদিও খুন্দা ইমানেই তীব্ৰ আছিল যে বন্যহস্তীকেইটা থিতাতে নিহত হয়। ঘটনাস্থলী গুৱাহাটীৰ পৰা প্ৰায় ১২৬ কিলোমিটাৰ দূৰত অৱস্থিত। দুৰ্ঘটনাটোৰ পাছতে সেই পথেৰে ৰেল যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে আৰু কেইবাখনো ৰেলৰ পথ সলনি কৰা হৈছে।
ইতিমধ্যে বন বিভাগ আৰু ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে। ৰেলৱে কৰ্তৃপক্ষই জনাইছে যে যি ঠাইত এই ঘটনা ঘটিছে, সেই ঠাইখন চৰকাৰীভাৱে ‘হাতী কৰিডৰ’ হিচাপে চিহ্নিত নাছিল। আহত হস্তী পোৱালিটোক উন্নত চিকিৎসাৰ বাবে চেষ্টা চলাই থকা হৈছে। এই হৃদয়বিদাৰক ঘটনাই বন্যপ্ৰাণী সুৰক্ষা আৰু ৰেলৰ তীব্ৰতাক লৈ পুনৰ এক ডাঙৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।
