জন্মদিনৰ দিনাই ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ভজনলাল শৰ্মাই…

226

শুকুৰবাৰে ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ভজনলাল শৰ্মাই। ঐতিহাসিক এলবাৰ্ট হলৰ বাহিৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাও উপস্থিত থাকিব। ৰাজ্যপাল কলৰাজ মিশ্ৰই মুখ্যমন্ত্ৰী হিচাপে ভজন লাল শৰ্মাক শপত প্ৰদান কৰিব। ইয়াৰ উপৰিও কেবিনেট সদস্য হিচাপে শপত গ্ৰহণ কৰিব দিয়া কুমাৰী আৰু প্ৰেমচান্দ বাইৰৱাই।

দলৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এই অনুষ্ঠানৰ বাবে কেন্দ্ৰীয় নেতা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, মঙলবাৰে বিজেপি বিধানসভা দলৰ বৈঠক অনুষ্ঠিত হৈছিল, য’ত ভজনলাল শৰ্মা বিধানসভা দলৰ নেতা নিৰ্বাচিত হৈছিল। দলৰ হৈ বিধায়ক দিয়া কুমাৰী আৰু প্ৰেম চান্দ বাইৰৱাক উপ-মুখ্যমন্ত্ৰী আৰু বাসুদেৱ দেৱনানীক ৰাজস্থান বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে।

ৰাজস্থানৰ ২০০খন আসনৰ ভিতৰত ১৯৯খন আসনত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে ১১৫খন আসন লাভ কৰিছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ বাবে কৰণপুৰ আসনত নিৰ্বাচন পিছুৱাই দিয়া হৈছিল, য’ত এতিয়া ৫ জানুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

আজি অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বৃহস্পতিবাৰেও প্ৰস্তুতি চূড়ান্ত কৰাৰ কাম অব্যাহত থাকে। এই অনুষ্ঠানত বৃহৎ সংখ্যক লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ৰাজধানীৰ মূল পথ আৰু প্ৰৱেশদ্বাৰ সজাই পৰাই তোলা হৈছে। এইবোৰত বিজেপিৰ পতাকা আৰু জমা কাটআউটকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সৈতে জড়িত পোষ্টাৰ আৰু বেনাৰো স্থাপন কৰা হৈছে।

বিশেষ কথাটো হ’ল আজি ভজনলাল শৰ্মাৰ জন্মদিনো। এয়া তেওঁৰ ৫৬ সংখ্যক জন্মদিন। বৃহস্পতিবাৰে নিশা ১২ বজাৰ পিছত সোদলাৰ চাম্বাল গেষ্ট হাউচত সমৰ্থকৰ সৈতে ভজনলালে জন্মদিন উদযাপন কৰে। তেওঁৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্রী আৰু তেওঁৰ সমর্থকসকলেও এক ৰক্তদান শিবিৰৰ আয়োজন কৰিব৷ এই শিবিৰৰ আয়োজন কৰা হ’ব ঢোলপুৰত।