ৰাজস্থানত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । পাঠদান চলি থকাৰ সময়তে হঠাতে খহি পৰিল বিদ্যালয়ৰ ছাদ । এই ঘটনাত ৬ গৰাকী শিশুৰ কৰুণ মৃত্যু ঘটে ।ৰাজস্থানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনৰ ঝালাৱাৰ জিলাত চৰকাৰী বিদ্যালয় ভৱন ভাঙি চাৰিটাকৈ শিশুৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে। ইয়াৰ লগতে আন বহুতো শিশু আহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে। আহত সকলৰ ভিতৰত অধিকাংশই শিশু। ইতিমধ্য আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইফালে অব্যাহত আছে উদ্ধাৰ অভিযান।
