বিশেষ জৰুৰী কাম নাথাকিলে আপুনি ঘৰতে থাকক ৷ ঘৰৰ পৰা কামত ক’ৰবালৈ যাবলগীয়া হ’লেও হাতত ছাতি লৈহে ওলাব ৷ কাৰণ ৰাজ্যত আজিও অব্যাহত থাকিব বিজুলী-ঢেৰেকণি আৰু বৰষুণ ৷ ঠায়ে ঠায়ে হ’ব পাৰে ধুমুহাও ৷ ৰাজ্যৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ত অহা ২০ মাৰ্চলৈ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷
