প্ৰচণ্ড গৰমৰ মাজতেই আহিছে বৰষুণ। বিগত কিছুদিনৰ উৎকট গৰমৰ পিছত ক্ৰমাৎ ৰাজ্যত বতৰে সলাইছে ৰূপ। এজাক বৰষুণৰ অপেক্ষাত আছিল সকলো।ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছিল। উজনি–নামনি–মধ্য অসমৰ প্ৰান্তে প্ৰান্তে আহিছে বৰষুণ। বিশেষকৈ গুৱাহাটী মহানগৰীত বহুসময়ধৰি দি আছে মুষলধাৰ বৰষুণ, ধেৰেকণী আৰু বতাহ।গুৱাহাটীৰ ভিন্নপ্ৰান্তত আৰম্ভ হৈছে বৰষুণ।ৰাজ্যৰ কেইবাখনো জিলাত আজি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ আগজাননী দিয়ে। অসমৰ তিনিখন জিলাত অ’ৰেঞ্জ’ এলাৰ্টো জাৰি কৰা হৈছে। আনহাতে কেইখনমান জিলাত ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
