ৰেলপথত চলি থকা বৈদ্যুতিকৰণৰ কাম বন্ধ কৰিলে বন বিভাগে

117

আজাৰাৰ পৰা কামাখ্যা সংযোগী ৰেলপথচোৱাৰ দীপৰ বিলৰ পাৰত উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই যোৱাকালিৰে পৰা আৰম্ভ কৰা বৈদ্যুতিকৰণৰ কাম বন বিভাগৰ গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ ফালৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ কৰি দিয়া হয় । জানিব পৰা মতে বন বিভাগৰ ফালৰ পৰা পূৰ্বতে ৰেলৱে কৰ্তৃপক্ষক এলিফেণ্ট কৰিডৰসহ দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ স্বাৰ্থত নতুন আন্তগাথঁনিটো বাদেই ৰেলপথচোৱা স্থানান্তৰৰ বাবেহে আহ্বান জনাইছিল ।

আনকি ১৬ জুনত দীপৰ বিলৰ সংৰক্ষণৰ বাবে গুৱাহাটী উন্নয়ন বিভাগ আৰু বন বিভাগৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালক দীপৰ বিলখনক চিৰদিনৰ বাবে সংৰক্ষণ কৰিবলৈ হলে দীপৰ বিলৰ দক্ষিণ পাৰেৰে যোৱা ৰেলপথচোৱা স্থানান্তৰৰ বিকল্প নাই বুলি স্পষ্টভাৱে জনাই দিয়ে । আনকি এই লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত চলি থকা গোচৰ চলি থকা বিষয়টো দাঙি ধৰে । কিন্তু ইয়াৰ মাজতে কালি ৰেলৱে কৰ্তৃপক্ষই দীপৰ বিলৰ পাৰত বৈদ্যুতিকৰণৰ বাবে ৰেলৱে কৰ্তৃপক্ষই মাটি খন্দা কার্য আৰম্ভ কৰাত বন বিভাগৰ অভ্যন্তৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

অৱশেষত বন বিভাগৰ গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী জয়ন্ত ডেকাৰ নিৰ্দেশত দীপৰ বিল বন্যপ্ৰাণী কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া যতীন বৰাৰ নেতৃত্বত এটা বনকর্মীৰ দল দীপৰ বিলৰ পাৰত ৰেলপথত উপস্থিত হৈ ৰেলৱে কৰ্তৃপক্ষই কৰি থকা বৈদ্যুতিকৰণৰ কাম বন্ধ কৰি দিয়ে । ইফালে বন বিভাগৰ পদক্ষেপক আদৰণি জনাইছে দীপৰ বিলৰ সংৰক্ষণৰ হকে জন্মলগ্নৰে কাম কৰি অহা ৰংমন ট্যুৰিজিম চচাইটিয়ে । চচাইটিৰ কৰ্মকর্তা ক্ৰমে প্ৰমোদ কলিতা , বিৰাজ কলিতা (পৱন) আৰু অখিল ৰংপীয়ে কোনো কাৰণতে যাতে দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য ধ্বংস নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক দাবী জনাইছে । তেনেদৰে চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ সভাপতি বলেন কলিতায়ো ডাবল ৰেলপথ আৰু বৈদ্যুতিকৰণ কাৰ্যই এলিফেণ্ট কৰিডৰত বনৰীয়া হাতীৰ আহ যাহ বন্ধ কৰিব বুলি আকাংক্ষা ব্যক্ত কৰিছে ।