শনিবাৰে নিশাৰে পৰা অবিৰতভাৱে বৰষুণৰ ফলত মূফা আৰু দিখাও মাজত ৰে’ল পথত প্ৰকাণ্ড শিল ৰে’ল লাইনত বাগৰি পৰে ।
তাৰ বাবে ৰে’ল সেৱা পুনৰ বন্ধ হৈ পৰে।
সেই ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ সাময়িক ৰে’ল বাতিল কৰা হয় ।
সেই ঘটনাক কেন্দ্ৰ কৰি লামডিং, শিলচৰ, বদৰপুৰ গুৱাহাটী,সমগ্ৰ ষ্টেচনে ষ্টেচনে যাত্ৰীৰ সুবিধাৰ বাবে স্থাপন কৰা হয় হেল্প ডেস্ক ।
ৰেল বিভাগৰ মান্ডলিক প্ৰবন্ধক সমীৰ লহানী তৰফৰ পৰা সকলো আবদ্ধ যাত্ৰীক খাদ্য বস্তু দিয়াৰ লগতে সকলো সুবিধা প্ৰদান কৰা হয় ।
