ভূমিস্খলনৰ ফলত লামডিং-বদৰপুৰ পাহাৰ লাইনত ৰে’ল চলাচল বন্ধ হৈছে । সোমবাৰে বিয়লি লামডিং-বদৰপুৰ পাহাৰ লাইনৰ জাতিংগা লামপুৰ আৰু নিউ হাৰেংগাজাও ষ্টেচনৰ মাজত ১০৮/৭-৮ কিলোমিটাৰত ৰে’ল লাইনৰ ওপৰত থকা শিলচৰ-হাফলং ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডাঙৰ শিল আৰু বোকাপানী বাগৰি পৰাত ৰে’ল লাইনৰ ক্ষতিসাধন হয় । সেইবাবে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই লামডিং-বদৰপুৰ পাহাৰ লাইনত সকলো ধৰণৰ ৰে’লৰ চলাচল বন্ধ কৰিছে । এই কথা সদৰী কৰিছে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই । লামডিং-বদৰপুৰ পাহাৰ লাইনত ভূমিস্খলনৰ ফলত ৰে’ল চলাচল বন্ধ হৈ পৰা বাবে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষ পাহাৰ লাইনত ২৩ আৰু ২৪ জুনত সকলো যাত্ৰীবাহী ৰে’লৰ চলাচল বাতিল কৰে ।
