ড্ৰাগছ বিৰোধী অভিযান বিপৰীতে গুটখা, কেপি, শিখৰৰ কবলত যুৱপ্ৰজন্মঃ

111

ৰাজ্যত নৱনিৰ্বাচিত চৰকাৰৰ তাৎক্ষণিক তৎপৰতাত অপৰাধ জগতত এক মাধমাৰ দিয়াৰ আপাহত আৰক্ষী প্ৰশাসনৰ বিষয়া সকলক প্ৰমোচন আৰু বিভিন্ন জিলালৈ পদোন্নতিৰে কৰ্ম স্হলীও সলনি কৰি দিয়াত এক প্ৰকাৰ সচেতন মহলত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷এই বিষয়া সকলক কৰ্মস্থলী সলনি কৰাত অপৰাধী সকলৰ৷মাজত ভয় আৰু শংকাৰ সৃষ্টিও হোৱা দেখা গৈছে ৷ ইয়াৰ লগে লগে বিভিন্ন জিলাত আৰক্ষী প্ৰশাসন সজোৰে ড্ৰাগছৰ দৰে বৰবিহ স্বৰূপ এই সমস্যাৰ অন্ত পেলোৱাৰ উদ্দেশ্যত আগ ভাগ লোৱাই নহয় ৰাজ্যৰ বিভিন্ন জিলাত মাৰাত্মক বিহৰ ব্যৱসায় চলাই থকা ব্যৱসায়ী সকলক আটক কৰাৰ লগতে সমুলঞ্চে উৎখাত কৰা সফল হব বুলি সচেতন মহলে আৰক্ষীৰ বিষয়া সকলক ধন্যবাদ জনাইছে ৷

ইতিমধ্যে দৰং, নগাঁও, ধুবুৰী, শোণিতপুৰ, কামৰূপ, বৰপেটা আদি আন আন জিলাত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত চোৰাং কাৰবাৰী সকলক এক সেকা দিয়া পৰিলক্ষিত হৈছে ৰাজ্যবাসীয়ে৷ এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে ৷ যিহেতু সম্প্ৰতি চহৰ নগৰ কিম্বা গ্ৰামাঞ্চলৰ একাংশ নৱপ্ৰজন্ম ড্ৰাগছৰ কবলত পৰি সুন্দৰ জীৱন ধবংস কৰি পৰিয়াল তথা সমাজ জীৱনলৈ ভাবুকি স্বৰূপ হৈ পৰিছে ৷ ইয়াৰ বিপৰীতে আকৌ চহৰ নগৰ আৰু গ্ৰামাঞ্চলতো এই ড্ৰাগছ , গাঞ্জা, চুলাইমদ, বিলাতী মদৰ ব্যৱসায়ো ৰম ৰমীয়াকৈ চলি আছে ৷

সন্ধিয়া হোৱা মাত্ৰকে এচাম যুৱপ্ৰজন্মৰ আৰু আদহীয়া লোকে এই বিষাক্ত নিচা সেৱন কৰি পৰিৱেশ নষ্ট কৰা পৰিলক্ষিত হৈছে ৷ পিছে পিছে ক্ৰমাৎ যুৱপ্ৰজন্মৰ একাংশ পঢ়া শুনা বা খেল ধেমালি বাদ দি কেপি ,শিখৰ আৰু ৰজনী গনধা আদি সেৱন কৰি ঘৰুৱা পৰিৱেশ বিঘ্নিত কৰিব ধৰিছে ৷ ঔষধ সেৱন কৰিয়েই অশ্লীল মাত কথা ৰে ঘুৰি ফুৰে ৷পান ৰ বিপৰীতে কেপি জাতীয় বিষাক্ত নিচাসক্ত হৈ জ্ঞান শুন্য হয় ৷দিনৰ দিনটো এই বিষয়ত বাচা হত ব্যস্ত ৷পুথিপাজি পঢ়া ,বা সমাজৰ ভাল কামত নলগা ৰোগে বাহ লবলৈ ধৰিছে ৷ নকলেও হয় কিছুমান কথা ৷

ৰাষ্ট্ৰীয় পথৰ কাষে কাষে চাহ দোকান মাংসৰ দোকান আদিত অভ্যস্ত হোৱা পৰিলক্ষিত ৷ প্ৰশাসনৰো এইবিলাকত নজৰ নাই ৷যিবোৰ ঠাইত চুলাই মদ বনাই তাত আপকাৰী লোক আহি চান্দা তুলিহে৷নিয়ে বুলি অভিযোগ ৷ বিদ্যালয়ৰ কাষতে থকা দোকান বোৰত উল্লিখিত দ্ৰব্য বিধ বিক্ৰী কৰে ৷একাংশ ছাত্ৰই ইবিধ সেৱন কৰি শ্ৰেণীত সোমাই কক্ষ উত্তাল কৰে ৷ৰাগিয়াল দ্ৰব্যৰ অধিক ব্যৱহাৰে সমাজত বিশৃংখল পৰিৱেশ সৃষ্টিত সহায় কৰিছে ৷চৰকাৰে বিভিন্ন সহজ লভ্য টকাৰ আচনিঁ নিদিয়ক কিয় সমাজৰ পুৰুষ মহিলা সজাগ যদি নহয় তেন্তে অচিৰেই কানি বৰ বিহত বুৰজাব নপ্ৰজন্ম ৷মোবাইল ইন্টাৰনেট আদিয়ে এচামক টো ধবংসৰ গৰাহত ইতিমধ্যে পেলাইছে ৷ এই বিলাকৰ প্ৰভাৱত সমাজত নানা নাৰীজনিত অপৰাধ ,অপহৰণ ,হত্যা লুন্ঠন ,ধৰ্ষণ আদিৰে ভৰি পৰিছে৷আৰক্ষী প্ৰশাসনৰ লগতে শুইথকা আপকাৰী বিষয়া সকলে এতিয়া সজাগ হোৱাৰ সময় আহিলে ৷

মুঠতে অসম চৰকাৰৰ১৯৫২ চনৰ ’মাদক দ্ৰব্য নিবাৰণী আইন খন কাগজে কলমে থাকিলেই নহব ৷কেইটা মান বিজ্ঞাপন দিলেই আপকাৰীৰ কাম কাজ শেষ নহয় ৷আৰক্ষী সকলক দৰে আপকাৰীয়েও ক্ষেত্ৰ বিলাকত উঠি পৰি৷লাগিলে নিশ্চয় অসমত অপৰাধৰ সংখ্যা কমাৰ সম্ভৱনা আছে ৷এতিয়াৰে পৰা অপৰাধ জগত খন কিছু পৰিমাণে কমিব ৷যিহেতু মাদক দ্ৰব্যৰ পৰা শৰীৰ বিভিন্ন মাৰাত্মক বেমাৰ হব পাৰে ৷ স্বাস্থ্যই পৰম সম্পদ ৷ সেয়ে নতুন চৰকাৰখনে এই বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশাৰে বাট চাই ৰলোঁ ৷