Rahul Gandhi in Assam : মৰিয়নীত প্ৰচাৰ চলাবলৈ আহি ৰাইজক ৰূপজ্যোতি কুৰ্মীক ভোট দিবলৈ ক’বলৈ পাহৰিলে ৰাহুল গান্ধীয়ে

77

ৰাহুল গান্ধীৰ ভাষণত শুনা পোৱা নগ’ল ৰূপজ্যোতি কুৰ্মীক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক জনোৱা আহ্বান।

শনিবাৰে মৰিয়নী (Mariani)ৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ মৰিয়নী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)ৰ হৈ প্ৰচাৰ চলায় কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী (Rahul Gandhi)য়ে। কংগ্ৰেছে শেহতীয়াকৈ অসমৰ ৰাইজক প্ৰদান কৰা পাঁচটা গেৰাণ্টি (Congress 5 Guarantee)ৰ ওপৰত ব্যাখ্যা আগবঢ়ায় ৰাহুল গান্ধীয়ে। কিন্তু তেওঁৰ ভাষণত ৰাইজক উদ্দেশ্যি ৰূপজ্যোতি কুৰ্মীক ভোট দি জয়যুক্ত কৰিবলৈ এবাৰো আহ্বান নজনালে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ তীব্ৰ সমালোচনা কৰা ৰাহুল গান্ধীয়ে ৰূপজ্যোতিক ভোট দি জয়ী কৰিবলৈ ৰাইজক আহ্বান জনাবলৈ পাহৰি যোৱা বুলি বৰ্তমান চৰ্চা চলিছে বিভিন্ন মহলত।

ৰাহুল গান্ধীয়ে ভাষণ আৰম্ভ কৰে বিমূদ্ৰাকৰণৰ পৰা। কেইবছৰমান পূৰ্বে ক’লা টকা বন্ধ কৰিবলৈ ডিমনিটাইজেশ্যনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা পদক্ষেপৰ তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ ফলত দেশৰ জনতাই বহু দুৰ্ভোগ ভোগাৰ বিপৰীতে কেইগৰাকীমান উদ্যোগপতিৰ লাভ হ’ল বুলি সমালোচনা কৰে ৰাহুল গান্ধীয়ে। কিন্তু ইয়াৰ পিছতো ক’লা টকা বন্ধ নহ’ল বুলি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰে ৰাহুল গান্ধীয়ে।

GST বলৱৎ কৰাক লৈয়ো প্ৰধানমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে। জিএছটি প্ৰৱৰ্তনৰ জৰিয়তে পাঁচবিধ বেলেগ বেলেগ টেক্স সংগ্ৰহ কৰি ২৮% পৰ্যন্ত কৰ আৰোপ কৰি জনসাধাৰণক জলাকলা খুওৱা বুলি চৰকাৰক সমালোচনা কৰে ৰাহুল গান্ধীয়ে। কিন্তু ইয়াৰ পিছতো ক’লা টকা বন্ধ কৰিব নোৱাৰিলে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাহুল গান্ধীয়ে।

অসমত কংগ্ৰেছৰ চৰকাৰ হ’লে CAA বলৱৎ হ’বলৈ নিদিওঁ বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে।ৰাহুলৰ মতে বিজেপিয়ে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে। কিন্তু তেওঁ মিছা কথা নকয়।

“মই যি কওঁ সেয়া সদায় কৰি দেখুৱাও। ছত্তীশগড়ত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ ৬ ঘণ্টাৰ পিছতে খেতিয়কসকলৰ ঋণ মাফ কৰি দিয়া হৈছিল। আপোনালোকে সেয়া অনুসন্ধান কৰি ল’ব পাৰে।”, ৰাহুল গান্ধীয়ে ৰাইজক উদ্দেশ্যি কয়।

অসমৰ চাহ শ্ৰমিকসকলে কংগ্ৰেছ চৰকাৰ হ’লে দৈনিক মজুৰি ৩৬৫ টকাকৈ লাভ কৰিব বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে আৰু কয় যে  বিজেপিয়ে মেক ইন ইণ্ডিয়াৰ কথা কয় যদিও দেশত ভয়ংকৰভাৱে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। সেয়েহে কংগ্ৰেছৰ চৰকাৰ হ’লে অসমৰ যুৱক-যুৱতীসকলৰ সংস্থাপনৰ ব্যৱস্থা তেওঁলোকে কৰিব।

এনেদৰেই কংগ্ৰেছে অসমৰ ৰাইজক দিয়া পাঁচটা গেৰাণ্টিৰ বিষয়ে ৰাহুল গান্ধীয়ে ৰাইজক বুজাই দিয়ে। কিন্তু ৰূপজ্যোতি কুৰ্মীৰ হৈ মৰিয়নীৰ ৰাইজৰ মাজত প্ৰচাৰ চলাবলৈ অহা ৰাহুল গান্ধীয়ে ৰূপজ্যোতি কুৰ্মীক ভোট দিবলৈ ৰাইজক আহ্বান জনাবলৈ পাহৰি থাকিল। ৰাহুল গান্ধীৰ ভাষণত শুনা পোৱা নগ’ল ৰূপজ্যোতি কুৰ্মীক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক জনোৱা আহ্বান।

ইয়াৰ বিপৰীতে কিন্তু দেওবাৰে যোৰহাট (Jorhat) নগৰত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থকা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী (Priyanka Gandhi)য়ে ৰাইজক উদ্দেশ্যি অতি পৰিপক্ক ভাষণ প্ৰদান কৰাৰ লগতে যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাণা গোস্বামীক প্ৰশংসাৰে ওপচাই পেলায়।