বিগত ১০ দিনত তৃতীয়বাৰৰ বাবে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগক লক্ষ্য আক্ৰমণ কৰিছে। শনিবাৰে ৰাহুল গান্ধীয়ে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক মৃত আখ্যা দিয়ে। আমি আগন্তুক দিনত প্ৰমাণ কৰিম যে কেনেকৈ লোকসভা নিৰ্বাচনত বিসংগতি কৰিব পাৰি আৰু কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সংখ্যাগৰিষ্ঠতা অতি কম।
যদি ১০-১৫খন আসনতো বিসংগতি নহ’লহেঁতেন তেন্তে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’লহেঁতেন। দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বাৰ্ষিক আইনী সন্মিলন- ২০২৫ত এই দাবী কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ পূৰ্বে ৰাহুলে ১ আগষ্টত নিৰ্বাচন আয়োগে ভোট চুৰি কৰা বুলি অভিযোগ কৰিছিল। আমাৰ হাতত এটা পৰমাণু বোমা আছে।
বিস্ফোৰণ হ’লে নিৰ্বাচন আয়োগ বাচি নাথাকিব। শনিবাৰে ৰাহুলৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ৰাজনাথে কয় – যদি তেওঁলোকৰ হাতত এটম বোমা আছে, তেন্তে বিস্ফোৰণ কৰক।
