মধ্যপ্ৰাচ্যৰ ভয়ংকৰ যুদ্ধই এইবাৰ চৰম আঘাত হানিব পাৰে ভাৰতৰ অৰ্থনীতি আৰু শক্তি নিৰাপত্তাত! এই ভয়ংকৰ আশংকা ব্যক্ত কৰি আজি লোকসভাৰ মজিয়াত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিৰোধী দলপতি ৰাহুল গান্ধী। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ ফলস্বৰূপে ‘ষ্ট্ৰেইট অব হৰমুজ’ বা হৰমুজ প্ৰণালী বন্ধ হৈ পৰিলে দেশৰ শক্তি যোগান ব্যৱস্থা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিব বুলি তেওঁ সকীয়াই দিয়ে।
সংসদত ভাষণ দি গান্ধীয়ে প্ৰশ্ন কৰে যে ভাৰতৰ দৰে এখন সাৰ্বভৌম দেশে তেল ক্ৰয়ৰ সিদ্ধান্তৰ বাবে কিয় আমেৰিকাৰ অনুমতি ল’ব লাগেয ৰাছিয়া বা আন যিকোনো দেশৰ পৰা ইন্ধন ক্ৰয় কৰাৰ আমাৰ অধিকাৰ বিদেশী ৰাষ্ট্ৰৰ হাতত বন্ধক থোৱাটো দুৰ্ভাগ্যজনক বুলি তেওঁ অভিহিত কৰে। দেশত ইতিমধ্যে এলপিজিৰ নাটনিক লৈ আৰম্ভ হোৱা হাহাকাৰক চৰকাৰে সময় থাকোঁতেই নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ দাবী জনায়।
বিদেশ মন্ত্ৰালয়ে জনোৱা অনুসৰি, বৰ্তমান ইৰাণত প্ৰায় ৯ হাজাৰ ভাৰতীয় আৱদ্ধ হৈ আছে। তেওঁলোকক চুবুৰীয়া দেশৰ স্থলপথেৰে নিৰাপদে উলিয়াই অনাৰ বাবে চৰকাৰে এক জৰুৰী অভিযান আৰম্ভ কৰিছে। বিদেশ মন্ত্ৰী এছ জয়শংকৰে ইতিমধ্যে ইৰাণৰ সৈতে জাহাজ চলাচলৰ সুৰক্ষা সন্দৰ্ভত ধাৰাবাহিক আলোচনাত মিলিত হৈছে।
যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ পাছত ভাৰতৰ দৰে আমদানিনিৰ্ভৰ দেশসমূহৰ বাবে এতিয়া ভয়াৱহ বিপদ নামি আহিছে। লোকসভাত বিৰোধীৰ এই চোকা আক্ৰমণে এতিয়া চৰকাৰক যথেষ্ট অস্বস্তিত পেলাইছে। ভাৰতৰ শক্তি নিৰাপত্তা নিশ্চিত কৰিবলৈ আগন্তুক দিনত চৰকাৰে কেনে পদক্ষেপ লয়, সেয়া সমগ্ৰ দেশৰ বাবে লক্ষ্যণীয় হ’ব।
