ভোটাৰ তালিকা বিসংগতি তথা ভোট চুৰিৰ অভিযোগত নিৰ্বাচন আয়োগলৈ পদযাত্ৰা বিৰোধী সাংসদৰ। কিন্তু সাংসদৰ দলটোক আদবাটতে বাধা দিয়ে আৰক্ষীয়ে। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ লগতে আন কেবাগৰাকীও সাংসদক আটক কৰিছে আৰক্ষীৰ দলে।ইফালে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, অখিলেশ যাদৱকে ধৰি বহু বিৰোধী সাংসদক আৰক্ষীয়ে আটক কৰি ৰাখিছে। সাংসদৰ পদযাত্ৰা নিৰ্বাচন আয়োগলৈ যাবলৈ দিয়া নাছিল আৰক্ষীয়ে। ইয়াৰ পিছতো বিৰোধী সাংসদসকলে পদযাত্ৰা কৰিছিল, তাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।
