ভাৰতৰ প্ৰথমটো হিপ হপ ভিত্তিক নৃত্য ৰিয়েলিটি শ্ব’হিপ হপ ইণ্ডিয়াৰ সামৰণি পৰিল আৰু উজ্জীৱিত প্ৰদৰ্শনেৰে ৰাহুল ভগতে উদ্বোধনী ছিজনত জিনিলে বিজয়ীৰ খিতাপ। বহুচৰ্চিত এই শ্ব’টো আছিল এক নৃত্য মাৰাথন, গ্ৰেণ্ড ফিনালেত ৰেপাৰ বাদশ্বাহ আৰু ৰাফতাৰে নিজৰ অনন্য অৱতাৰেৰে মঞ্চখনক অন্য এক মাত্ৰা প্ৰদান কৰিছিল। জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তথা নৃত্যগুৰু ৰেমো ডি চুজা আৰু নুৰা ফাটেহীৰ বিচাৰত এই অনুষ্ঠানত সমগ্ৰ পোহৰলৈ নহা ভাৰতৰ ভিন্ন স্থানৰ প্ৰকৃত প্ৰতিভাসমূহ বিচাৰি আনি এখন মঞ্চ প্ৰদান কৰিছিল আৰু খিতাপৰ বাবে আটাইতকৈ ডাঙৰ আৰু কঠিন যুঁজ দেখা গৈছিল।
৭ সপ্তাহৰ তীব্ৰ যুঁজ আৰু আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত হিপ হপ চেম্পিয়ন হিচাপে আত্মপ্ৰকাশৰ গৌৰৱ অৰ্জন কৰিলে ৰাহুল ভগতে। ২১ বছৰীয়া ৰাহুলে আন দুজন ফাইনেলিষ্ট – ডান্সিং ক্ৰু ইউএইচ আৰু উদ্যমী যুটি দিব্যাম আৰু দৰ্শনক পৰাস্ত কৰি গ্ৰেণ্ড ফাইনেলত বিজয়ী ট্ৰফী দখল কৰে। ৰাঁচীৰ ৰাহুলে বিজয়ৰ পিছত একেবাৰে নতুন নিছান মেগনাইট গেজা স্পেচিয়েল এডিচন আৰু হিপ-হপ ইণ্ডিয়া চেম্পিয়নশ্বিপৰ বেল্ট ঘৰলৈ লৈ যায় ।
গ্ৰেণ্ড ফিনালেত প্ৰতিযোগী, বিচাৰক নুৰা ফাতেহী আৰু ৰেমো ডি চুজাই আকৰ্ষণীয় নৃত্য প্ৰদৰ্শন কৰিছিল। দিলবাৰ কো দিল চাঁদকে আৰু ডিভাইনৰ মিৰ্চি গানত মনোমোহা নৃত্য প্ৰদৰ্শনেৰে মঞ্চত খলকনি তুলিছিল নুৰাই। চেলিব্ৰিটি বিচাৰক বদশ্বাহ আৰু ৰফতাৰে নিজৰ গতিশীল প্ৰদৰ্শনেৰে মনোৰঞ্জনৰ মাত্ৰা দুগুণ বৃদ্ধি কৰিছিল।বিচাৰক ৰেমো ডি চুজাই কয় যে, “ৰাহুল হৈছে ভাৰতৰ হিপ হপ ডান্সিং আশ্বৰ্য। ৰাহুলে হিপ হপ চেম্পিয়নশ্বিপৰ খিতাপ আঁজুৰিবলৈ সক্ষম হোৱাত মই উল্লাসিত হৈছোঁ। ৰাহুলৰ প্ৰতিভা, অদম্য আবেগ দেশখনৰ বাবে প্ৰেৰণাৰ উৎস হ’ব, যিয়ে গলী চে গ্লৰী টকৰ নেতৃত্ব দিলে!”
