কুৱালালামপুৰত চলি থকা বি ডব্লিউ এফ ছুপাৰ ১০০০ মালয়েছিয়া অ’পেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তাৰকা শ্বাটলাৰ তথা দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইফালে, পুৰুষৰ ডাবলছত সাতৱিকসাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীৰ যুটিয়েও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
শুকুৰবাৰে খেলা কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৱে মুখামুখি হয় জাপানৰ তৃতীয় ছিড আকানে ইয়ামাগুচিৰে। প্ৰথমখন খেলত মাত্ৰ ১১ মিনিটত ২১-১১ ত জয়লাভ কৰে সিন্ধুৱে। ইয়াৰ পিছত আঁঠুৰ আঘাত (অৱসৰ লোৱা আঘাত)ৰ বাবে ইয়ামাগুচিয়ে খেলৰ পৰা অৱসৰ লয়, যাৰ বাবে সিন্ধুৱে ছেমিফাইনেলৰ টিকট লাভ কৰে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ১৬ ৰাউণ্ডত সিন্ধুৱে জাপানৰ অষ্টম ছিড টমোকা মিয়াজাকিক ৩৩ মিনিটত ২১-৮, ২১-১৩ ত পৰাস্ত কৰে।
পুৰুষৰ ডাবলছত ভাৰতৰ শীৰ্ষ যুটি সাতৱিকচৈৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে মালয়েছিয়াৰ জুনাইদি আৰিফ আৰু ৰয় কিং য়াপক ২১-১৮, ২১-১১ত পৰাস্ত কৰে। ৩৯ মিনিটৰ খেলখনত ভাৰতীয় যুটিটোৱে স্পষ্টভাৱে আধিপত্য বিস্তাৰ কৰে। এতিয়া কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব ষষ্ঠ স্থানৰ ইণ্ডোনেছিয়ান যুটি ফাজাৰ আলফিয়ান আৰু মহম্মদ ৰিয়ান আৰ্ডিয়ানোৰে।
