PUBG আসক্তি! মাতৃ-ভগ্নীসহ পৰিয়ালৰ ৪ সদস্যক গুলীয়াই হত্যা কিশোৰৰ

75

অনলাইন গেমিং কিমান ভয়াবহ হব পাৰে, পুনৰ তাৰ এক প্ৰমাণ পোহৰলৈ আহিছে। অনলাইন গেমিঙত আসক্ত এজন কিশোৰে নিজৰ মাতৃ আৰু ভাতৃ-ভগ্নীকে গুলীয়াই হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৰাজধানীত। চহৰখনৰ এজন কিশোৰ অনলাইন গেম ‘পাব-জি’ৰ প্ৰতি ইমানেই আসক্ত হৈ পৰে যে মানসিক সন্তুলন হেৰুৱাই নিজৰ মাতৃ, জ্যেষ্ঠ ভাতৃ আৰু দুই ভগ্নীকে গুলীয়াই হত্যা কৰে।

পাকিস্তানৰ সংবাদসংস্থা ‘ডন’ৰ বাতৰি অনুসৰি যোৱা সপ্তাহত লাহোৰৰ কাহনা অঞ্চলৰ নিৱাসী তথা পেছাত এগৰাকী স্বাস্থ্য কৰ্মী নাহিদ মোবাৰক নামৰ ৪৫ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ তেওঁৰ ২২ বছৰীয়া পুত্ৰ টাইমুৰ আৰু ক্ৰমে- ১৭ আৰু ১১ বছৰীয়া দুই কন্যাৰ মৃতদেহৰ সৈতে উদ্ধাৰ হয়।

ইফালে আৰক্ষীয়ে চুবুৰীয়াৰ জৰিয়তে এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ নাহিদৰ কিশোৰ পুত্ৰ এজনক অক্ষত অৱস্থাত উদ্ধাৰ কৰে।

প্ৰথমাৱস্থাত কিশোৰজনে নিজৰ সমগ্ৰ পৰিয়ালৰ হত্যাকাণ্ড সন্দৰ্ভত একো নাজানো বুলি ক’লেও পৰৱৰ্তী সময়ত তেৱেঁই যে মাতৃ আৰু ভাতৃ-ভগ্নীৰ হত্যা কৰিছে, সেই কথা স্বীকাৰ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিবাহ বিচ্ছেদ ঘটা নাহিদ মোবাৰক প্ৰায়ে কাম আৰু একাকীকত্বক লৈ হতাশ হৈ পৰিছিল। তেনে পৰিপ্ৰেক্ষিতত সন্তানৰ সৈতে অধিক সময় অতিবাহিত কৰিবপৰা নাছিল।

তাৰেই সুযোগ লৈ তেওঁৰ কিশোৰ পুত্ৰ অনলাইন গেম ‘পাব-জি’ৰ প্ৰতি আসক্ত হৈ পৰে আৰু দিনৰ দিনটো কেৱল অনলাইন গেমিঙতে ডুবি থাকিবলৈ ধৰে।

ইফালে পুত্ৰৰ এনে স্বভাৱ আৰু আসক্তিক বাবে ঘটনা সংঘটিত হোৱাৰ দিনা অলপ গালি পাৰে। যাৰ পৰিণতিত নিশা কিশোৰজনে আলমাৰীৰ পৰা মাতৃৰ পিষ্টলটো উলিয়াই শুই থকা অৱস্থাতে মাতৃ, ভাতৃ আৰু দুই ভগ্নীক গুলীয়াই হত্যা কৰে।

জানিব পৰা মতে, মাতৃ নাহিদ মোবাৰকে পৰিয়ালৰ সুৰক্ষাৰ বাবে পিষ্টলটো লগত ৰাখিছিল। কিন্তু সেই পিষ্টলৰ গুলীয়েই নিশাৰ বুকুত থকাসৰকা কৰে পৰিয়ালৰ ৪ সদস্যক।

ডন বাতৰি কাকতৰ এক প্ৰতিবেদন অনুসৰি, লাহোৰৰ অনলাইন গেমৰ সৈতে সম্পৰ্কিত এইটো এনেধৰণৰ চতুৰ্থ অপৰাধ। যেতিয়া ২০২০ চনত প্ৰথম ঘটনাটো পোহৰলৈ আহিছিল, তেতিয়াৰ ৰাজধানী চহৰৰ আৰক্ষী বিষয়া জুলফিকাৰ হামিদে লাখ লাখ কিশোৰৰ জীৱন, সময় আৰু ভৱিষ্যত ৰক্ষাৰ স্বাৰ্থত পাবজিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰামৰ্শ দিছিল।

যোৱা দুবছৰত অনলাইন গেমিংৰ বাবে তিনিজন যুৱকে আত্মহত্যা কৰিছে আৰু আৰক্ষীয়ে ইয়াৰ প্ৰতিবেদনত পাবজি গেমক মৃত্যুৰ কাৰণ হিচাপে ঘোষণা কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই আনুষ্ঠানিকভাৱে ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজনত গেমিং বিকাৰক ৰোগ হিচাপে অন্তৰ্ভুক্ত কৰিছে।