হাতী-মানুহৰ সংঘাত প্ৰশমনৰ বাবে ৰেপিড ৰেচপন্স ইউনিট সমূহক ফিল্ড গিয়াৰ প্ৰদান

138

পূৱ অসমৰ পাঁচখন জিলা আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অৱস্থিত ৰেপিড ৰেচপন্স ইউনিট (আৰ আৰ ইউ)ৰ মুঠ ২৩৯ জন সদস্যক অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ সহায়ত জৈৱ বৈচিত্ৰ্য প্ৰত্যাহ্বান পুঁজি, ব্ৰিটেইনৰ দ্বাৰা ফিল্ড গিয়াৰ আৰু প্ৰাথমিক চিকিৎসা কিট প্ৰদান কৰা হৈছে । ৰেইনকোট, টুপী, জোতাকে ধৰি প্ৰাথমিক চিকিৎসা কিটকে ধৰি ক্ষেত্ৰ সঁজুলিসমূহ বাৰিষাৰ সময়ত আৰ আৰ ইউসমূহৰ নিযুক্তি দিয়া নিজ নিজ অঞ্চলত মানৱ হাতী সংঘাত প্ৰশমনৰ বাবে চলি থকা ধাৰাবাহিক প্ৰচেষ্টাত দক্ষতা বৃদ্ধিৰ বাবে যোগান ধৰা হৈছে।

“আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে হাতী মানুহৰ সংঘাত লাঘৱ কৰাৰ প্ৰচেষ্টাত স্থানীয় সম্প্ৰদায়ৰ সৈতে কাম কৰি তেওঁলোকক শক্তিশালী কৰি আহিছে। এই আৰ আৰ ইউসমূহ মানৱ হাতী সংঘাত -এলাৰ্ট পৰিচালনা আৰু আগতীয়া সতৰ্কবাণী ইউনিট হিচাপে কাম কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে গঠন কৰা হৈছে।’

আৰণ্যকৰ জীৱবিজ্ঞানী আলোলিকা সিনহাই এইদৰে জানিবলৈ দিয়ে অসম আৰু মেঘালয়ৰ গাৰো পাহাৰ অঞ্চলৰ হাতী মানুহৰ সংঘাতৰ দ্বাৰা প্ৰভাৱিত গাঁওসমূহৰ স্বেচ্ছাসেৱকক লৈ গঠিত আৰ আৰ ইউসমূহে হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে চলি থকা প্ৰচেষ্টাত অতি জৰুৰীকালিন ভাবে কাম কৰে যাতে গাঁওবাসীৰ জীৱিকাৰ উপৰিও মানুহ আৰু হাতী উভয়ৰে জীৱন যিমান পাৰি সিমান সুৰক্ষিত হয়।