প্ৰতিবাদত উত্তাল ইৰাণ । গণবিক্ষোভে থৰক-বৰক কৰিছে দেশখনৰ প্ৰশাসনিক ব্যৱস্থা । চৰকাৰবিৰোধী প্ৰতিবাদ ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে দেশখনৰ ৰাজধানী তেহৰাণত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে । ইতিমধ্যে প্ৰতিবাদকাৰীৰ ওপৰত চৰকাৰে চলোৱা দমনমূলক কাৰ্যৰ বাবে অৰ্ধশতাধিক সাধাৰণ লোকৰ মৃত্যু হৈছে । ইয়াৰ পিছতে পৰিস্থিতি আৰু অধিক অগ্নিগৰ্ভা হৈ পৰিছে ।
ইণ্টাৰনেট প্ৰতিষ্ঠান ক্লাউডফ্লেয়াৰ আৰু এডভোকেচি গ্ৰুপ নেটব্লকছে ইণ্টাৰনেট বিচ্ছিন্ন হোৱাৰ বাতৰি প্ৰকাশ কৰিছে । লগতে ইৰাণ চৰকাৰৰ হস্তক্ষেপেই ইয়াৰ কাৰণ বুলি উল্লেখ কৰিছে ।
বুধবাৰে সমগ্ৰ ইৰাণৰ চহৰ আৰু গ্ৰামাঞ্চলসমূহত সৃষ্টি হোৱা বিক্ষোভৰ ধাৰাবাহিকতা বৃহস্পতিবাৰেও দেখা যায় । প্ৰতিবাদকাৰীৰ সমৰ্থনত বন্ধ হৈ পৰে দোকান-বজাৰ । আমেৰিকা যুক্তৰাষ্ট্ৰ ভিত্তিক মানৱ অধিকাৰৰ নিউজ এজেন্সীয়ে জনোৱা মতে, এতিয়ালৈকে বিক্ষোভৰ বাবে সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত কমেও ৪১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২,২৭০ জনতকৈ অধিক লোকক আটক কৰা হৈছে ।
ইৰাণে বিগত কিছু বছৰত দেশজুৰি কেইবাটাও প্ৰতিবাদৰ সন্মুখীন হৈছে । নিষেধাজ্ঞা কঠোৰ হোৱাৰ লগে লগে আৰু ইৰাণে ১২ দিনীয়া যুদ্ধৰ পিছত সংগ্ৰাম কৰি থকাৰ সময়তে ডিচেম্বৰ মাহত ইয়াৰ ৰিয়েল মুদ্ৰাৰ পতন ঘটি ১ ডলাৰৰ পৰা ১.৪ মিলিয়ন হয় । ইয়াৰ পিছতে প্ৰতিবাদ আৰম্ভ হয়, ইৰাণৰ ইছলামিকতন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে ধ্বনি দিয়ে ।
