১০৮ কৰ্মীৰ প্ৰতিবাদে ১৭দিন অতিক্ৰম কৰিলে। আজি প্ৰতিবাদৰ মাজতে সংবাদমেল সম্বোধন ১০৮ৰ কৰ্মচাৰীৰ। আজি স্বাস্থ্যমন্ত্ৰীৰ সৈতে বিশেষ আলোচনা হৈছে ১০৮ কৰ্মচাৰীৰ সভাপতি-সম্পাদকৰ।অৱশেষত আজি স্বাস্থ্যমন্ত্ৰীৰ সৈতে বিশেষ আলোচনা হৈছে ১০৮ কৰ্মচাৰীৰ সভাপতি-সম্পাদকৰ। কিন্তু কি কি আলোচনা কৰিলে জানো আহক…১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰাঞ্জল শৰ্মাই। তেওঁ কয়, ‘১৭ দিন ধৰি আমি প্ৰতিবাদ কৰিছোঁ। চৰকাৰৰ কোনো সহযোগিতা নাই। আমাৰ প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই। আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। আমি এম্বুলেন্স ৰখাই ৰোগীক কেতিয়াও হাৰাশাস্তি কৰা নাই। স্বাস্থ্যমন্ত্রীক আজি আমি সাক্ষাৎ কৰিছোঁ। তেওঁ আমাক গোটেই বিষয় সন্দৰ্ভত আশ্বাস প্ৰদান কৰিছে । কিন্তু আমি সন্তুষ্ট নহয়। আমি আমাৰ প্ৰাপ্য বিচাৰিছোঁ।’
