ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ জালুকবাৰীতো হোটেলত সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি নিষিদ্ধ গো-মাংসৰ বেহা চলাই অহা কাৰ্যৰ বিৰুদ্ধে আজি ৰাজ্য চৰকাৰৰ নিৰ্দেশত জালুকবাৰী আৰক্ষীয়ে এক বৃহৎ অভিযান চলায়। আনকি অভিযানত মছজিদ গলিত গো – মাংস সৰবৰাহ কৰা এখন ট্ৰাক ধৰা পেলোৱাৰ লগতে বিক্ৰী কৰিবলৈ অনা দুজন যুৱকক আটক কৰা হয়। অভিযানত মছজিদ গলিত তিনিখনকৈ হোটেল ক্ৰমে – মোবাৰক, মদিনা আৰু বিছমিল্লাহত গো – মাংস বিক্ৰী কৰি অহাটো ধৰা পৰে।
তাৰ পাছত হোটেল তিনিখন চীল কৰি দিয়া হয়। অভিযানত মুঠ ১০৫ কেজি মাংস জব্দ কৰাৰ লগতে ৬ জনক আটক কৰা হয়। আটক কৰা ৬ জনক ক্ৰমে – মজলিছ আলী , হান্না আলী, আচৰাপ আলী , ইমৰাণ আলী, কাবিলুদ্দিন আৰু আফটাব কুৰেশ্বি। ইফালে জালুকবাৰী নাগৰিক কমিটীৰ একাংশ কৰ্মকৰ্তাকে ধৰি অঞ্চলটোৰ সচেতন লোকসকলে কৰা অভিযোগ অনুসৰি কেৱল মছজিদ গলিতে নহয়, সাতমাইলৰ পৰা জালুকবাৰী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ বিশ্ববিদ্যালয় বাইপাছ, জালুকবাৰী সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দাঁতিৰ পৰা আৰম্ভ কৰি ফুলপাহী নগৰ, ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰী ৰেলৱে অভাৰব্ৰীজৰ সমীপত থকা ডেৰকুৰি মান হোটেলত নিষিদ্ধ গো- মাংস বিক্ৰী কৰি অহা হৈছে।
আনকি নিষিদ্ধ মাংসৰ অবৈধ বেহাই সমগ্ৰ জালুকবাৰী অঞ্চলৰ পৰিবেশ দূষিত কৰাই নহয় ইয়াক কেন্দ্ৰ কৰি চোৰাং গৰুৰ এক ৰমৰমীয়া বেহা চলি আহিছে। যত বাংলাদেশী মূলৰ বহু সন্দেহজনক নাগৰিক জড়িত হৈ আছে বুলিও অভিযোগ উত্থাপিত হৈছে।
