গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বিশ্ববিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰী আৰু এন এছ এছৰ স্বেচ্ছাসেৱকৰ মাজত ভাৰত চৰকাৰৰ এক কাৰ্যসূচীৰ অধীনত ‘বাল্য বিবাহ মুক্ত ভাৰত’ শীৰ্ষক সজাগতা অভিযানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে কয় যে- বাল্য বিবাহ এক সামাজিক ব্যাধি আৰু ই এক অবৈধ প্ৰথা।
ই ছোৱালীৰ শিক্ষা, সুৰক্ষা, স্বাস্থ্য, আৰু বিকাশৰ লগতে তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাত বাধা দিয়ে। বৰ্তমান সময়ত যাতে কোনো বাল্য বিবাহ হব নোৱাৰে আৰু সকলো শিশুকে শিক্ষা, সুৰক্ষা, আৰু নিৰাপদ পৰিৱেশৰ ব্যৱস্থা কৰাটো নিশ্চিত কৰি বাল্য বিবাহৰ বিৰুদ্ধে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱাটো প্ৰয়োজনীয়। অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক অধ্যাপক বাহাৰুল আলীয়ে সকলোকে এই অভিযানত যোগদান কৰি এই ঐতিহাসিক আন্দোলনৰ অংশ আৰু শিশু অধিকাৰৰ চেম্পিয়ন হ’বলৈ আহ্বান জনাই কয় যে প্ৰতিজন ব্যক্তিয়ে পিতৃ-মাতৃ আৰু সমাজত বাল্য বিবাহৰ কুপ্ৰভাৱৰ বিষয়ে সজাগতা বিয়পাব লাগিব।
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ শশীপ্ৰভা দেৱীকে ধৰি কেবাজনো বিশিষ্ট লোকেও যোগদান কৰে। অনুষ্ঠানত উপস্থিত সকলোৱে বাল্য বিবাহৰ বিৰুদ্ধে প্ৰচাৰ আৰু প্ৰসাৰৰ শপত গ্ৰহণ কৰে।
