পৰ্যটকৰ ৰম্যভূমি কাশ্মীৰৰ পেহেলগামত যোৱা ২২ এপ্রিলত পাকিস্তান মদতপুষ্ট উগ্ৰপন্থীয়ে চলোৱা গণহত্যাৰ প্ৰতিবাদত কস্তুৰবা গান্ধী ৰাষ্টীয় স্মাৰক ট্রাষ্ট, অসম শাখাই আজি গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্রম প্রাঙ্গণত তিনি ঘণ্টাজোৰা মৌন অৱস্থান কাৰ্যসূচী পালন কৰে।
পুৱা ৯ বজাৰ পৰা দূপৰীয়া ১২ বজালৈ অনুষ্ঠিত মৌন অৱস্থান কাৰ্যসূচীত ট্ৰাষ্টৰ অসম শাখাৰ সভাপতি ডাঃ চিৰঞ্জীৱ কাকতি, উপ সভাপতি ভানু কাকতি, প্ৰতিনিধি বিউটি দাস, সৰ্বোদয় ট্ৰাষ্টৰ জীবেশ্বৰী বড়োকে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু বহুসংখ্যক লোকে ভাগ লয়। আনহাতে শৰণীয়া আশ্ৰমৰ সেৱিকাৰ সৰ্বধর্ম প্ৰাৰ্থনাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।
