প্ৰাক্তন আইএএছ বিষয়া ৰাজকুমাৰ গোৱেলে সোমবাৰে দেশৰ মুখ্য তথ্য আয়ুক্ত (চিআইচি) হিচাপে দায়িত্ব গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত তেওঁক শপত গ্ৰহণ কৰোৱায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠিত তিনিজনীয়া পেনেলৰ সুপারিশত গোৱেলক এই গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়া হৈছিল।
১৯৯০ বেচৰ অৰুণাচল প্ৰদেশ–গোৱা–মিজোৰাম–কেন্দ্ৰীয় শাসিত অঞ্চল কেডাৰৰ আইএএছ বিষয়া গোৱেলে ৩১ আগষ্টত ন্যায় বিভাগৰ সচিব হিচাপে অৱসৰ লৈছিল। হিৰালাল চামৰিয়াৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত ১৩ ছেপ্টেম্বৰৰ পৰা চিআইচিৰ পদ খালী আছিল। এই নিৰ্বাচনৰ সৈতে কেন্দ্ৰীয় তথ্য আয়োগে দীঘলীয়া সময়ৰ পিছত সম্পূৰ্ণ সদস্যসংখ্যাৰে কাম কৰিবলৈ সক্ষম হ’ব। তদুপৰি পেনেলখনে প্ৰাক্তন ৰে’লৱে বোৰ্ডৰ মুৰব্বী জয়া বৰ্মা সিনহা সহ ৮ জন তথ্য আয়ুক্তৰ নামো অনুমোদন জনাইছে।
