অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ নিৰ্দেশ অনুসৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ উদ্যোগত প্ৰধানমন্ত্ৰী টি বি মুক্তি ভাৰত অভিযানৰ সন্দৰ্ভত ১১ জুলাইত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত এক সজাগতা অভিযান অনুষ্ঠিত হয়। কাৰ্যসূচী উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই ভাষণ প্ৰসংগত যক্ষ্মা (টিবি) নিৰ্মূল কৰাটো আৱশ্যকীয় বুলি কয় আৰু ভাৰতৰ পৰা ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ সকলো অংশগ্ৰহণকাৰীকে আহ্বান জনায়।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ৰঞ্জন কুমাৰ কাকতিয়ে ভাষণ প্ৰসংগত সকলো অংশগ্ৰহণকাৰীক আদৰণি জনাই কয় যে এই ভয়ংকৰ ৰোগৰ পৰা সমাজৰ বাবে সম্পূৰ্ণ প্ৰতিৰোধ ক্ষমতা লাভ কৰিবলৈ আৰু টিবিৰ সৈতে জড়িত বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) লাভৰ দিশত ভাৰতৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ, বিশেষকৈ ২০২৫ চনৰ ভিতৰত টিবি মুক্ত কৰা।
অনুষ্ঠানত কামৰূপ মহানগৰ জিলা টিবি বিষয়া ভাৰতী নাথ আৰু ৰাজ্যিক প্ৰগ্ৰেম বিষয়া পি এম টিবি নিক্ষয় মিত্ৰ, ৰাজ্যিক টিবি কোষ , অসমৰ সমল ব্যক্তিজনে নিক্ষয় পোষণ অভিযানৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উল্লেখ্য যে জি ইউ ফ্ৰেটাৰ্নিটি, এন এছ এছৰ স্বেচ্ছাসেৱক আৰু বিভিন্ন মহাবিদ্যালয়ৰ পৰা প্ৰায় ১৫০ জন অংশগ্ৰহণকাৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
