২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ বাবে চৰকাৰৰ মুঠ ব্যয় হৈছে ৩৬২ কোটি টকা। এই তথ্য ৰাজ্যসভাত প্ৰদান কৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ খৰচ অন্তৰ্ভুক্ত নহয়। এই সময়ছোৱাত মুঠ ৩৩ বাৰ বহিঃৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল মোদীয়ে। এই ৩৬২ কোটি টকাৰ পৰিসংখ্যাই চলিত মাহৰ আৰম্ভণিতে হোৱা পাঁচখন দেশ ভ্ৰমণলৈকে ব্যয় দেখুৱাইছে। কিন্তু ২০২৫ চনত নিৰ্ধাৰিত তিনিটা ভ্ৰমণৰ বিল — কানাডা (জি৭ শীৰ্ষ সন্মিলন), ব্ৰাজিল (ব্ৰিকছ শীৰ্ষ সন্মিলন) আৰু মৰিচাছলৈ — এতিয়াও সম্পূৰ্ণৰূপে গণনা কৰা হোৱা নাই আৰু সেয়েহে ইয়াক অন্তৰ্ভুক্ত কৰা হোৱা নাই। ২০২৫ চনত বাকী তিনিখন ভ্ৰমণৰ ভিতৰত ফেব্ৰুৱাৰী মাহত ফ্ৰান্স আৰু আমেৰিকা ভ্ৰমণ, এপ্ৰিল মাহত থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ আৰু এপ্ৰিল মাহৰ শেষত চৌদি আৰব ভ্ৰমণ আদি অন্তৰ্ভুক্ত। এই তিনিখন ভ্ৰমণৰ মুঠ ব্যয় আছিল ৬৭ কোটি টকা। এই ভ্ৰমণৰ ভিতৰত আটাইতকৈ ব্যয়বহুল আছিল ফেব্ৰুৱাৰী মাহত ফ্ৰান্স আৰু আমেৰিকা ভ্ৰমণ। ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণৰ বাবে চৰকাৰৰ ব্যয় আছিল ২৫.৫৯ কোটি টকা। তাত মোদীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ একচন সন্মিলনৰ সহ-অধ্যক্ষতা কৰিছিল। ১৩ ফেব্ৰুৱাৰীত তেওঁ আমেৰিকালৈ এদিনীয়া ভ্ৰমণ কৰিছিল, যাৰ বাবে ১৬.৫৪ কোটি টকা খৰচ হৈছিল।
আমেৰিকাত মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে, তাৰ পিছত নৈশ আহাৰ গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেওঁ টেছলাৰ চিইঅ’ ইলন মাস্ককে ধৰি কেইবাজনো আমেৰিকান চেলিব্ৰিটি আৰু বিষয়াক সাক্ষাৎ কৰে।২০২১, ২০২৩, ২০২৪ আৰু ২০২৫ চনত মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল, য’ত মুঠ ৭৪.৪১ কোটি টকা ব্যয় হৈছিল। ২০২৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ কৰিছিল, য’ত প্ৰায় ৯ কোটি টকা খৰচ হৈছিল। আনহাতে, কেৱল চৌদি আৰৱ ভ্ৰমণত চৰকাৰে ১৫.৫৪ কোটি টকা ব্যয় কৰিছিল। ২০২৪ চনত প্ৰধানমন্ত্ৰীয়ে মুঠ ১১বাৰ বিদেশ ভ্ৰমণ কৰিছিল, য’ত ১৭খন দেশ ভ্ৰমণ কৰিছিল। এই ভ্ৰমণসমূহত মুঠ ১০৯.৫ কোটি টকা ব্যয় কৰা হৈছিল। ২০২৪ চনৰ ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই তিনিদিনীয়া আমেৰিকা ভ্ৰমণত সৰ্বাধিক ব্যয়বহুল আছিল, যাৰ ব্যয় হৈছিল ১৫.৩ কোটি টকা। ২০২৪ চনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদীৰ প্ৰথম বিদেশ ভ্ৰমণ আছিল ইটালীত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ বাবে, য’ত ১৪.৩৬ কোটি টকা ব্যয় কৰা হৈছিল।
সামগ্ৰিকভাৱে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ ব্যয়ৰ ক্ষেত্ৰত ২০২৪ চন দ্বিতীয় সৰ্বাধিক ব্যয়বহুল বছৰ আছিল, ২০২৫ চন প্ৰথম স্থানত আছে। ২০২৩ চনত প্ৰধানমন্ত্ৰীয়ে ছবাৰ বিদেশ ভ্ৰমণ কৰি ১১খন দেশ ভ্ৰমণ কৰিছিল। এই ভ্ৰমণসমূহত মুঠ ব্যয় হৈছে ৯৩.৬ কোটি টকা। এইবাৰ মোদীয়ে জাপান, আমেৰিকা আৰু ফ্ৰান্স ভ্ৰমণ কৰি ক্ৰমে ১৭.১ কোটি, ২২.৮ কোটি আৰু ১৩.৭৪ কোটি টকা ব্যয় কৰিছিল। ২০২১ আৰু ২০২২ চনত প্ৰধানমন্ত্ৰীয়ে মুঠ ১৪খন দেশলৈ ১০বাৰ বিদেশ ভ্ৰমণ কৰিছিল। মুঠতে এই দুবছৰত কেন্দ্রীয় চৰকাৰে ৯০ কোটিতকৈও অধিক টকা খৰছ কৰিলে৷ Covid-19 মহামাৰীৰ পিছত ২০২১ চনত প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশ, আমেৰিকা, ইটালী আৰু ব্ৰিটেইনলৈ তিনিবাৰকৈ বিদেশ ভ্ৰমণ কৰিছিল। ২০২২ চনত প্ৰধানমন্ত্ৰীয়ে জাৰ্মানী, ডেনমাৰ্ক, ফ্ৰান্স, নেপাল, ইউ এ ই আৰু ইণ্ডোনেছিয়াকে ধৰি ৭খন বিদেশ ভ্ৰমণৰ জৰিয়তে ১০খন দেশ ভ্ৰমণ কৰিছিল।।প্ৰতি বছৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ বাবেও এই ভ্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে, যেনে ২০২১ চনত ইটালীত, ২০২২ চনত ইণ্ডোনেছিয়াত, ২০২৪ চনত ব্ৰাজিলত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলন।
