প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৌদি আৰৱ ভ্ৰমণৰ বিষয়ে এক্সত পোষ্ট কৰি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মই চৌদি আৰৱৰ জেদ্দালৈ গৈ আছো। য’ত মই বিভিন্ন সভা আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিম।
ভাৰত আৰু চৌদি আৰবে দীৰ্ঘদিনীয়া ভাল সম্পৰ্ক উপভোগ কৰিছে আৰু যোৱা দহ বছৰত অধিক শক্তিশালী হৈছে। কৌশলগত অংশীদাৰী পৰিষদৰ দ্বিতীয় বৈঠকত অংশগ্ৰহণ কৰি মই উৎসাহিত। ইয়াৰ লগতে মই তাত প্ৰবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিম।
প্ৰধানমন্ত্ৰী মোদীয়ে চৌদি ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত ৰিয়াধলৈ গৈছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ছেপ্টেম্বৰত চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স ভাৰতত অনুষ্ঠিত জি-২০ সন্মিলনৰ বাবে নতুন দিল্লীলৈ আহিছিল। ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদীৰ এইটো চৌদি আৰৱৰ তৃতীয় ভ্ৰমণ।
