প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২০ ডিচেম্বৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ভ্ৰমণক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত কেইবাটাও ঐতিহাসিক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা হ’ব।
মোদী শনিবাৰে বিয়লি গুৱাহাটীত গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি ৪,০০০ কোটি টকা ব্যয়ৰ নতুন গুৱাহাটীবিমান বন্দৰৰ টাৰ্মিনেল উদ্বোধন কৰিব আৰু এক জনসভাত ভাষণ দিব। বশিষ্ঠৰ বিজেপি কাৰ্যালয়ত দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।
দেওবাৰে প্ৰধানমন্ত্ৰী ব্ৰহ্মপুত্ৰৰ চৰাইদেউ ক্ৰুজত উঠি ২৫ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীৰ সৈতে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত মিলিত হ’ব, যা অসমৰ নদী পৰ্যটনলৈ নতুন গতি আনিব বুলি মুখ্যমন্ত্ৰী আশা প্ৰকাশ কৰে।
ভ্ৰমণৰ অন্তিম পৰ্যায়ত নামৰূপলৈ ৰাওনা হৈ ১২,০০০ কোটি টকা ব্যয়ৰে নতুন সাৰকাৰখানাৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী শৰ্মা উল্লেখ কৰে যে এই প্ৰকল্পটোৱে অসমৰ উদ্যোগ খণ্ড আৰু অৰ্থনীতিত বিশেষ দ্ৰুতগতি আনিব।
