ডাইকিন ইণ্ডিয়াক শেহতীয়াকৈ সৰ্বাধিক শক্তি-দক্ষ কোঠাৰ এয়াৰ কণ্ডিচনাৰৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা ২০২৫ৰে সন্মানিত কৰে। ডাইকিন ইণ্ডিয়াই তৃতীয় বাৰৰ বাবে এই স্বীকৃতি লাভ কৰিছে। জাপানৰ ডাইকিন ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ১০০ শতাংশ সহযোগী কোম্পানী ডাইকিন এয়াৰ কণ্ডিচনাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে তেওঁলোকৰ বহু প্ৰত্যাশিত ২০২৬ চনৰ প্ৰডাক্ট লাইনআপ মুকলি কৰা কৰাৰ লগতে শক্তি দক্ষতা আৰু স্মাৰ্ট জলবায়ু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰাৰ কথা ঘোষণা কৰে।
নতুন ৰেঞ্জত শেহতীয়া বিইই ২০২৬ ষ্টাৰ ৰেটিং মানদণ্ডৰ সৈতে সামঞ্জস্যপূৰ্ণ ৰুম এয়াৰ কণ্ডিচনাৰ সম্পূৰ্ণ সংস্কাৰ কৰা ছিৰিজ, আৰু অগ্ৰণী ভিআৰভি আলফা ছিৰিজ অন্তৰ্ভুক্ত কৰা হৈছে।যিয়ে ডাইকিনৰ পেটেণ্টেড ভিআৰভি প্ৰযুক্তিৰ সৈতে উন্নত এআই আৰু আইঅ’টি ক্ষমতাক একত্ৰিত কৰে।
