ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভেটিকানত পোপ ফ্ৰান্সিছৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু ভাৰত চৰকাৰ তথা ভাৰতৰ জনসাধাৰণৰ হৈ সমবেদনা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে আছিল সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, সংখ্যালঘু পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী জৰ্জ কুৰিয়ান আৰু গোৱা বিধানসভাৰ উপাধ্যক্ষ জছুৱা ডি চুজা। ২৫ এপ্ৰিলত ৰোমত অৱতৰণ কৰি ২৬ এপ্ৰিলত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।
এটা ছ’চিয়েল মিডিয়া পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, “ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে ভেটিকান চহৰৰ চেণ্ট পিটাৰ্ছ বেচিলিকাত পোপ ফ্ৰান্সিছলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি মুৰ্মূৰ লগতে মন্ত্ৰী কিৰেন ৰিজিজু আৰু মন্ত্ৰী জৰ্জ কুৰিয়ানেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।”
২০২৫ৰ ২১ এপ্ৰিলত পোপ ফ্ৰান্সিছৰ দেহাৱসান ঘটিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোপ ফ্ৰান্সিছৰ বিয়োগত শোক প্ৰকাশ কৰি কয় যে, ভাৰতৰ জনসাধাৰণৰ প্ৰতি পোপ ফ্ৰান্সিছৰ মৰম সদায় স্মৰণীয় হৈ থাকিব।
বৈদেশিক পৰিক্ৰমা আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ২০২৫ৰ ২২ এপ্ৰিলত নতুন দিল্লীস্থিত এপষ্ট’লিক নাঞ্চিয়েচাৰ বা পবিত্ৰ সদৰ দূতাবাস ভ্ৰমণ কৰি শোকগ্ৰন্থখনত স্বাক্ষৰ কৰিছিল। পোপ ফ্ৰান্সিছৰ মৃত্যুত ভাৰতে ৩ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিল।
