ফ্লেগশ্বিপ গেলেক্সি স্মার্টফোনৰ বাবে আগতীয়াকৈ কৰক বুকিং

1007

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্রনিক্স ব্ৰেণ্ড চেমচাঙে পৰৱৰ্তী আগশাৰীৰ অত্যাধুনিক গেলেক্সি স্মার্টফোনৰ প্রি-ৰিজার্ভ (আগতীয়া প্রাপ্তিসংৰক্ষণ)ৰ কথা ঘোষণা কৰিছে, যিটো মোবাইল এই মাহৰ শেষৰ ফালে উন্মোচন কৰা হ’ব। প্রি-ৰিজার্ভ কৰা গ্রাহকসকলে মোবাইল ডিভাইচ ক্ৰয় কৰাৰ ক্ষেত্ৰত আগতীয়া প্ৰৱেশাধিকাৰ আৰু বিশেষ অফাৰ লাভ কৰিব।

প্রি-বিজার্ভ গ্রাহকসকলে সমগ্ৰ ভাৰতৰ Samsung.com, চেমচাং এক্সক্লুছিভ ষ্ট’ৰ, Amazon.in আৰু আগশাৰীৰ ৰিটেইল আউটলেট (খুচুৰা বিপণী) সমূহত ২০০০ টকা আগতীয়াকৈ পৰিশোধ কৰিব লাগিব। প্রি- ৰিজার্ভ কৰা গ্রাহকসকলে ৫০০০ টকা মূল্যৰ লাভালাভ প্রাপ্ত কৰিব।

চেমচাঙে উদ্ভাবনক অধিক আগুৱাই লৈ যোৱাৰ লগতে ৰৱৰ্তী প্রজন্মৰ ফ্লেগশ্বিপ ডিভাইচসমূহৰ সৈতে মোবাইল উদ্যোগৰ নেতৃত্ববাহী প্রতিষ্ঠান হিচাপে নিজৰ স্থান সুদৃঢ় কৰাৰ লক্ষ্য ৰাখিছে, অহা ১৭ জানুৱাৰীত কেলিফর্ণিয়াৰ ছান জোছত আনপেকেড হৈ থকা গেলেক্সি স্মার্টফোনটো উন্মোচন হ’ব।