হার্টথ্র’ব জুবিন গাৰ্গৰ ছবি ‘ৰৈ ৰৈ বিনালে’ এতিয়া অসমত মুক্তিৰ পূৰ্বেই এক ইতিহাস ৰচনা কৰিছে। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ছবিখনে। মুক্তিৰ পূর্বেই সকলো টিকট এসপ্তাহৰ বাবে সম্পূণরূপে বিক্ৰী হৈছে। এটা টিকটৰ বাবে দর্শকসকলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি শাৰী পাতিবলগীয়া হৈছে। আনহাতে অনলাইনতো টিকট এসপ্তাহৰ বাবে প্রায় উপলব্ধ নোহোৱা হৈ পৰিছে। যিটোৱে জুবিন গার্গে অসমৰ চলচ্চিত্র জগতৰ বাবে যি এক সপোন ৰচিছিল, সেই সপোন এতিয়া সার্থক হোৱাৰ দিশে আগবাঢ়িছে। অসমৰ চলচ্চিত্র জগতত এক নতুনত্ব আহি পৰিছে। পূর্বে অভিযোগ আছিল যে অসমীয়া ছবি অসমৰ দৰ্শকে নাচায়, যাৰ বাবে অসমীয়া ছবি নির্মাণৰ ক্ষেত্ৰত প্রযোজকসকলৰ অনীহা আহি পৰিছে আৰু বহু উন্নত মানৰ ছবি দর্শক অবিহনেই ছবিগৃহৰ পৰা আঁতৰোৱা হৈছে। জুবিন গার্গেও ইয়াক লৈ অসন্তুষ্টি প্রকাশ কৰিছিল, সেইবাবে তেওঁ অসমবাসীক অসমীয়া ছবি চাবলৈ বাৰম্বাৰ আহ্বান জনাই আছিল। তেওঁ কৈছিল যে অসমীয়া ছবি চাবলৈ দর্শক আহিব লাগে। যদি ছবিখন ভাল হৈছে উৎসাহ যোগাব লাগে আৰু যদি বেয়া হৈছে সেয়াও ক’ব লাগে।
তেওঁ ‘মিছন চাইনা’ৰ জৰিয়তে অসমৰ ছবি জগতত এক আলোড়ন সৃষ্টি কৰিছিল। ‘দৌৰি দৌৰি যাম, মিছন চাইনা চাম’ বুলি এটা শ্ল’গানো আওৰোৱা হৈছিল। জুবিন গাৰ্গৰ মিছন চাইনাই অসমৰ দৰ্শকৰ পৰা অভূতপূর্ব সঁহাৰি লাভ কৰিছিল। সেইখন ছবিয়ে অসমৰ ছবিজগতত এক সঞ্জীবনী প্রদান কৰিছিল। তাৰ পিছত এখনৰ পিছত আন এখনকৈ অসমীয়া ছবিয়ে জনপ্রিয়তা অর্জন কৰিবলৈ ধৰে। পুনৰ অসমৰ দৰ্শকসকল ছবিগৃহলৈ আহি ছবি চাবলৈ আৰম্ভ কৰিলে। এনে ধৰণৰ বাতাবৰণ সৃষ্টি হৈ থকাৰ সময়ছোৱাতে জুবিন গার্গে নির্মাণ কৰা ‘ৰৈ ৰৈ বিনালে’ ছবিখন ছবিগৃহত মুক্তি দিয়াৰ পূর্বেই যোৱা ১৯ ছেপ্টেম্বৰত তেওঁৰ আকস্মিক মৃত্যু হয়। যাৰ ফলত তেওঁৰ সপোন আধৰুৱা হৈ পৰে। তেওঁ ইতিমধ্যে এই ছবিখন মুক্তিৰ বাবে তাৰিখো নির্ধাৰণ তাৰিখো নির্ধাৰণ কৰি ৰাখিছিল। কিন্তু তেওঁৰ আকস্মিক মৃত্যুৰ পিছত ছবিখনে নির্দিষ্ট সময়ত মুক্তি পাবনে নাই তাক লৈ এক আলোচনা চলি আছিল।
কিন্তু পত্নী গৰিমা গাৰ্গ শইকীয়া আৰু ৰাজেশ ভূঞাৰ প্রচেষ্টাত নির্দিষ্ট সময়ত অর্থাৎ অহা ৩১ অক্টোবৰত অসম সহ সমগ্ৰ ভাৰতত মুক্তি লাভ কৰিব। এই ছবিখন মুক্তিৰ পূর্বেই অসমত খলকনি সৃষ্টি কৰিছে। জুবিন গাৰ্গৰ শেষ ছবিখন চোৱাৰ হেঁপাহেৰে এতিয়া ঘণ্টাৰ পিছত ঘণ্টাজুৰি এটা টিকটৰ বাবে অনুৰাগীসকলে অপেক্ষা কৰিবলগীয়া হৈছে। তথাপি বহুতে টিকট অবিহনেই উভতিবলগীয়া হৈছে। প্রতিটো ছবিগৃহতেই সাতৰ পৰা আঠটাকৈ দর্শনীৰ ব্যৱস্থা কৰা হৈছে। তথাপি টিকট বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। অসমৰ ছবিগৃহসমূহত এতিয়া হিন্দী ছবি আঁতৰাই কেৱল জুবিন গাৰ্গৰ শেষ ছবিখনক স্থান দিয়া হৈছে।
