দ্য ৰাইট চাৰ্কলঃ প্ৰভা খয়তান ফাউণ্ডেশ্যনৰ উদ্যোগত অভিনেতা কবীৰ বেদীৰ সৈতে আলোচনা

103

প্ৰভা খয়তান ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু দ্য ৰাইট চাৰ্কলৰ অধীনত আজি গুৱাহাটীত আন্তৰ্জাতিক খ্যাতি সম্পন্ন অভিনেতা তথা লেখক কবীৰ বেদীৰ তেওঁৰ আত্মজীৱনী ‘ষ্টৰীজ আই মাষ্ট টেল: দ্য ইমোশ্যনেল লাইফ অফ এক্টৰ’ৰ ওপৰত এক গভীৰ আলোকপাতমূলক আলোচনা অনুষ্ঠিত কৰা হয়। এই আলোচনাত অংশ গ্ৰহণ কৰে অভিনেতা-লেখক কবীৰ বেদীয়ে। প্ৰভা খয়তান ফাউণ্ডেশ্যনৰ হৈ কবীৰ বেদীৰ সৈতে বাৰ্তালাপ আগবঢ়াই নিয়ে কলকতাৰ নীলিশা আগৰৱালাই। এই কথোপকথন অনুষ্ঠানত সাহিত্যৰ প্ৰতি উৎসাসী তথা বিভিন্ন সংবাদ মাধ্যমৰ সৈতে জড়িত বহু কেইজন সংবাদকৰ্মীয়েও অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, অভিনেতা কবীৰ বেদীৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘ষ্টৰীজ আই মাষ্ট টেল’ত অভিনেতাগৰাকীৰ সম্পূৰ্ণ জীৱন, তেওঁৰ ষ্টাৰডম আৰু হলীউড-বলীউডৰ যাত্ৰা, তেওঁৰ সাগৰৰ দৰে অশান্ত সম্পৰ্ক, গভীৰ প্ৰেম আৰু সফলতা-বিফলতাৰ অনেক ৰোমাঞ্চকৰ কাহিনী সন্নিৱিষ্ট কৰা হৈছে।

প্ৰণিধানযোগ্য যে, বিশিষ্ট সাহিত্যিক, সামজকৰ্মী তথা উদ্যোগপতি স্বৰ্গীয় ড০ প্ৰভা খয়তানে প্ৰতিষ্ঠা কৰা প্ৰভা খয়তান ফাউণ্ডেশ্যনে নতুন লেখাৰু সকলক তেওঁলোকৰ ন ন সাহিত্য কৰ্মসমূহ আলোচনা আৰু বিশ্লেষণৰ জৰিয়তে দৰ্শক আৰু সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰি আহিছে। প্ৰভা খয়তান ফাউণ্ডেশ্যনে সদায় ভাৰতীয় সমাজ, সংস্কৃতি তথা মানৱ কল্যাণৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি আহিছে।