খানাপাৰাত যোৱা নিশা ইটোৰ পিছত সিটোকৈ গীত পৰিৱেশনেৰে শীতৰ সেমেকাক উষ্ম কৰি তুলিলে প্ৰসিদ্ধ প’পষ্টাৰ পোষ্ট মেলনে। অনুষ্ঠান পৰিৱেশনৰ মাজতে মেলনৰ মুখত শুনা গ’ল অসম তথা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ কৰিলে বিশেষ মন্তব্য।অসমৰ ভিন্ন প্ৰান্তৰ অনুৰাগীৰ লগতে দেশৰ আন ৰাজ্য তথা বিদেশৰ বহু অনুৰাগীয়েও খানাপাৰাত স্বচক্ষুৰে প্ৰত্যক্ষ কৰে প্ৰিয় শিল্পীগৰাকীৰ অনুষ্ঠান। গানৰ লগতে তেওঁৰ এক বিশেষ কাৰ্যই বিশেষকৈ অসমৰ অনুৰাগীসকলৰ মন জয় কৰে।হিয়াৰ আমঠু যিগৰাকী শিল্পীৰ অকাল মৃত্যুৱে সমগ্ৰ ৰাজ্যক শোকাহত কৰি ৰাখিছে সেই শিল্পীগৰাকীক ‘মহান কিংবদন্তি শিল্পী’ আখ্যা দিয়ে পোষ্ট মেলনে। তেওঁৰ এই বাক্যটিৰ লগে লগে অনুৰাগীৰ ধ্বনিৰে আন্দোলিত হৈ উঠে খানাপাৰা।
