অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি অৱশেষত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাটো নিশ্চিত কৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। মঙলবাৰে গুৱাহাটীৰ ঘোৰামাৰাস্থিত বৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ পাছতে এই নাটকীয় পৰিৱৰ্তনৰ ওপৰত আনুষ্ঠানিক মোহৰ পৰে। অহা ২২ ফেব্ৰুৱাৰীত এক ভব্য অনুষ্ঠানৰ জৰিয়তে ভূপেন বৰাই গেৰুৱা দলটোত ভৰি দিব।
মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয়, “মই এই কথা জনাই অতি সুখী যে ভূপেন বৰাই অহা ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। সেইদিনা লখিমপুৰত এক বিশাল জনসভাৰ আয়োজন কৰা হ’ব আৰু তেওঁৰ সৈতে কংগ্ৰেছৰ আন কেইবাগৰাকীও নেতা আমাৰ দললৈ আহিব।” তেওঁ লগতে উল্লেখ কৰে যে যোৱাকালিৰ পৰাই এই সন্দৰ্ভত বৰাৰ সৈতে তেওঁৰ বিতং আলোচনা চলি আছিল আৰু কাইলৈও তেওঁ পুনৰ বৰাক ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব।
ভূপেন বৰাৰ এই সিদ্ধান্তক আদৰণি জনাই মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ কংগ্ৰেছত থাকিয়ো সদায় অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰি আহিছিল। তেওঁৰ দৰে এজন শক্তিশালী নেতা যেতিয়া বিজেপিলৈ আহে, তেতিয়া তেওঁক ব্যক্তিগতভাৱে আদৰণি জনোৱাটো মুখ্যমন্ত্ৰীৰ দায়িত্ব বুলিও শৰ্মাই অভিহিত কৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, বৰাই কেৱল বিধায়ক হোৱাৰ লালসাত বিজেপিত যোগদান কৰা নাই বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। কংগ্ৰেছৰ বৰ্তমানৰ দিশহাৰা স্থিতিত অতিষ্ঠ হৈহে তেওঁ এই সিদ্ধান্ত লৈছে।
নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ সন্দৰ্ভত এক ৰহস্যময় ইংগিত দি মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰয়োজন হ’লে ভূপেন বৰাই জালুকবাৰী সমষ্টিৰ পৰাও নিৰ্বাচন খেলিব পাৰে। অৱশ্যে এই সকলোবোৰ দল আৰু জনসাৰণেহে সিদ্ধান্ত ল’ব। তেওঁক নিশ্চিতভাৱে এক সন্মানীয় আসন দিয়া হ’ব।” বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইদিনমান পূৰ্বে ভূপেন বৰাৰ দৰে এজন প্ৰভাৱশালী নেতাৰ বিদায়ে কংগ্ৰেছৰ বাবে এক অপূৰণীয় ক্ষতি কঢ়িয়াই আনিছে, যাৰ ফলত বিশেষকৈ উজনি অসমৰ নিৰ্বাচনী সমীকৰণ সম্পূৰ্ণ সলনি হোৱাটো প্ৰায় নিশ্চিত।
