বৰাক উপত্যকাত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। সীমান্ত সূৰক্ষা বাহিনীৰ চকুত ধূলি দি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা পুনৰ ৭ গৰাকী বাংলাদেশীক আটক কৰে শ্ৰীভূমি আৰক্ষীয়ে।জিলাখনৰ বাংলাদেশ সীমান্তৱৰ্তী এলেকাত আটক কৰা এই বাংলাদেশী কেইজনক অৱশেষত বুধবাৰে বাংলাদেশলৈ ওভতাই পঠিওৱা হয়। বাংলাদেশী কেইজনৰ ভিতৰত আছে দুগৰাকী মহিলা আৰু পাঁচগৰাকী পুৰুষ।
