একেখন ছাদৰ তলতে দুবছৰ ধৰি চলাই অহা এক প্ৰেমৰ সম্পৰ্কৰ কৰুণ তথা ৰক্তাক্ত পৰিণতি ঘটিল এটা বিলাসী ফ্লেটত। গ্ৰেটাৰ নয়ডাৰ চেক্টৰ ১৫০ ত সুৰাপানৰ বিৰোধিতা কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এক তীব্ৰ বাকবিতণ্ডাৰ অন্তত এগৰাকী ২২ বছৰীয়া মণিপুৰী যুৱতীয়ে নিজৰ লিভ-ইন পাৰ্টনাৰ তথা দক্ষিণ কোৰিয়াৰ এজন ৪৭ বছৰীয়া ব্যক্তিক ছুৰিকাঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে পুৱতি নিশা সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নিহত ব্যক্তিগৰাকী দক্ষিণ কোৰিয়াৰ নাগৰিক ডাক হি ইউ বুলি চিনাক্ত কৰা হৈছে, যিয়ে যোৱা ১০ বছৰ ধৰি গ্ৰেটাৰ নয়ডাৰ এটা লজিষ্টিক কোম্পানীত কৰ্মৰত আছিল। আৰক্ষীৰ তথ্য অনুসৰি, ডাক হি ইউৰ সৈতে মণিপুৰৰ বিষ্ণুপুৰৰ লুঞ্জিয়ানা পামাই নামৰ যুৱতীগৰাকীৰ প্ৰায় দুবছৰ ধৰি লিভ-ইন সম্পৰ্ক আছিল।
পামাইয়ে জেৰাৰ সময়ত দাবী কৰা মতে, শনিবাৰে পুৱাৰে পৰা ডাক হি ইউৱে একেৰাহে সুৰাপান কৰি আছিল। নিশা ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত তেওঁক সুৰাপান কৰিবলৈ বাধা দি আহাৰ গ্ৰহণ কৰি শুবলৈ কোৱাত ডাক হি ইউ উগ্ৰ হৈ পৰে আৰু দুয়োৰে মাজত হাতাহাতিৰ সৃষ্টি হয়। পামাইৰ অভিযোগ যে তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ পাছত প্ৰতিশোধ ল’বলৈ ডাইনিং টেবুলৰ পৰা ছুৰী এখন লৈ তেওঁৰ বুকুত কেইবাবাৰো আঘাত কৰে।
ঘটনাৰ পাছতে পামাইয়ে ড্ৰাইভাৰক মাতি এম্বুলেন্সৰ সহায়ত আহত লোকজনক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত্যুৰ খবৰ পোৱাৰ পাছতে চিকিৎসালয়ৰ পৰা পামাইয়ে মনে মনে পলায়ন কৰিছিল যদিও পাছত আৰক্ষীয়ে তেওঁক আটক কৰে।
বৰ্তমান ভাৰতীয় ন্যায় সংহিতাৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। দক্ষিণ কোৰিয়াত থকা নিহত ব্যক্তিগৰাকীৰ পৰিয়ালকো ইতিমধ্যে খবৰ দিয়া হৈছে।
