পুৱতি নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলী। বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত হয় সংঘৰ্ষ। সংঘৰ্ষত নিহত এটা চোৰাং চিকাৰী। জানিব পৰা মতে কেইজনমান সন্দেহজনক লোকক প্ৰত্যক্ষ কৰিছিল বনকৰ্মীয়ে। তাৰ পিছতে নিশা বনৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলী আৰম্ভ হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰহমানপুৰ বন সুৰক্ষা শিবিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা ৷
