প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণৰ বাবে গুৱাহাটী থকা ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে। ২০ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰৰ দিনৰ ১২ বজালৈ সকলো ফেৰী সেৱা স্থগিত থাকিব। এই পদক্ষেপ প্ৰধানমন্ত্ৰীৰ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়াভাৱে নিশ্চিত কৰিবলৈ গ্ৰহণ কৰা হৈছে। ২০ ডিচেম্বৰত, মোদী গুৱাহাটীত গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব আৰু ২১ ডিচেম্বৰত ‘চৰাইদেউ’ ক্ৰুজত উঠি শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় অনুষ্ঠানত অংশ ল’ব। ফলে, নদী পথত যাত্ৰীবাহী ফেৰীৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সিদ্ধান্তৰ ফলত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী মাজত দৈনিক যাত্ৰীসকলৰ প্ৰভাৱিত হ’ব। প্ৰশাসনে বিকল্প স্থল পথ ব্যৱহাৰ কৰাৰ বাবে যাত্ৰীসকলক অনুৰোধ কৰা হৈছে আৰু ফেৰী চালক আৰু কৰ্তৃপক্ষক এই নিৰ্দেশ পালন কৰিবলৈ কোৱা হৈছে। ২১ ডিচেম্বৰৰ দুপৰীয়াৰ ১২ বজাৰ পাছত ফেৰী চলাচল পুনৰ চালু হ’ব বুলি আশা কৰা হৈছে।
