কৃষকসকলৰ বাবে ১৪০% সাৰৰ ৰাজ সাহায্য: প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ঐতিহাসিক সিদ্ধান্ত

88

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে, “চৰকাৰৰ প্ৰচেষ্টাৰ মূল লক্ষ্য হৈছে কৃষকসকলক পুৰণি হাৰৰ সাৰ দিয়া আৰু আন্তঃৰাষ্ট্ৰীয় মূল্য ৰক্ষা কৰা স্বত্বেও কৃষকসকলৰ কল্যাণ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ে আজি কয় যে কেন্দ্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ সাৰৰ ভর্তুকি সম্পূৰ্ণ১৪০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ দিব। চৰকাৰে এই ৰাজ সাহায্যৰ বাবে অতিৰিক্ত ১৪,৭৭৫ কোটি টকা ব্যয় কৰিব।

কৃষকসকলে সাৰৰ প্ৰতিটো মোনাত বৰ্তমানৰ ৫০০ টকাৰ পৰিৱৰ্তে ১,২০০ টকাৰ ৰাজসাহায্য লাভ কৰিব। ২,৪০০ টকাৰ পৰিৱৰ্তে – যিটো বিশ্বব্যাপী মূল্য বৃদ্ধিৰ স্বত্বেও – কৃষকসকলে ১২০০ টকা অৰ্থাৎ আগৰ মূল্যত ডিএপি (ডি-এমোনিয়াম ফছফেট) বেগ এটা পাব।

আজি সন্ধিয়া প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত সাৰৰ ৰাজ সাহায্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পিএমঅ’য়ে জনাইছে যে অক্ষয় ত্ৰিতিয়াৰ দিনা পিএম এ কিষাণৰ কল্যাণৰ বাবে পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ ২০,৬৬৭ কোটি টকা স্থানান্তৰ কৰাৰ পিছত কৃষকসকলৰ স্বাৰ্থত এইটো দ্বিতীয় টো গুৰুত্বপূৰ্ণ সিদ্ধান্ত।