PM Narendra Modi: ‘নাই নেতা, নাই কোনো নীতি, নাই কোনো আদৰ্শ’- কৰিমগঞ্জৰ নিৰ্বাচনী সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

91

Assam Assembly elections 2021: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কৰিমগঞ্জত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিমগঞ্জত এখন জনসভা সম্বোধন কৰি কংগ্ৰেছৰ সমালোচনাৰে থকা-সৰকা কৰে। প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ নীতিক সামাজিক, সাংস্কৃতিক, ভৌগোলিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বাবে ক্ষতিকাৰক বুলি কটাক্ষ কৰে।

ৰাজ্যৰ এটা ভিডিওই উদঙাই দিলে কংগ্ৰেছৰ স্বৰূপঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে,’অসমৰ এক বিভ্ৰান্তিকৰ ভিডিও মই দেখিলো। আপোনালোকেও নিশ্চয় দেখিছে। ভিডিওটোত ইয়াৰ এজন কংগ্ৰেছ নেতা মঞ্চ আছে আৰু মিছা ঘোষণা পত্ৰ প্ৰস্তুত কৰিছে। ঘোষণা পত্ৰ প্ৰস্তুত কৰোতে যথেষ্ট কষ্ট হয়। ভিডিওটোত তেওঁ কৈছে যে, এতিয়া যি আছে কৈ দিও, পিছত দেখা যাব। এনেদৰে নিজৰ স্বৰূপ নিজে উদঙাই দিছে।’

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘আজি এফালে বিজেপিৰ নীতি, বিজেপিৰ নেতৃত্ব আৰু আদৰ্শ। আনটো ফালে কংগ্ৰেছ আছে। যাৰ কোনো নীতি নাই, কোনো নেতা নাই, কোনো আদৰ্শ নাই।’ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, ‘ইয়াত অসমলৈ চাওক, কংগ্ৰেছে কাৰ ভৰষাত নিৰ্বাচনী ৰণত নামিছে?’